ভূমিস্খলনঃ ২৪ ঘন্টা ধৰি নিৰ্মীয়মান সুৰংগৰ ভিতৰত আৱদ্ধ ৪০ শ্ৰমিক

ভূমিস্খলনঃ ২৪ ঘন্টা ধৰি নিৰ্মীয়মান সুৰংগৰ ভিতৰত আৱদ্ধ ৪০ শ্ৰমিক

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ এটা নিৰ্মীয়মান সুৰংগৰ ভিতৰত ২৪ ঘন্টাতকৈ অধিক সময় ধৰি আৱদ্ধ হৈ আছে ৪০ জনকৈ শ্ৰমিক। সুৰংগটো পৰিদৰ্শন কৰা দুৰ্যোগ ব্যৱস্থাপনা সচিব ৰঞ্জিত কুমাৰ সিনহাই কয় যে আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ দুদিন সময় লাগিব পাৰে।

আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ প্ৰায় ৬০ মিটাৰৰ এটি পথ নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে সুৰংগটোৰ আধা মাটি আঁতৰোৱা হৈছে।

দেওবাৰে সুৰংগটোৰ ভিতৰত বিশেষ কামৰ বাবে প্ৰায় ৪০ জন শ্ৰমিক নিয়োজিত কৰিছিল। তেওঁলোকৰ পৰা প্ৰায় ৫০-৫৫ মিটাৰ দূৰত সুৰংগটোৰ এটা অংশ খহি পৰিছিল যাৰ ফলত তেওঁলোক ভিতৰলৈ আৱদ্ধ হৈ পৰিছিল।

ঘটনাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হৈছিল। প্ৰথমে তেওঁলোকৰ বাবে পৰ্যাপ্ত খাদ্য আৰু অক্সিজেনৰ ব্যৱস্থা কৰা হৈছিল। পাইপৰ জৰিয়তে আৱদ্ধ হৈ থকা শ্ৰমিকসকলক এই সকলোবোৰ যোগান ধৰা হৈছিল।

জানিব পৰা মতে এই শ্ৰমিক সকলক ষ্টীলৰ পাইপেৰে বাহিৰলৈ উলিয়াই অনাৰ পৰিকল্পনা চলি আছে। তথ্য অনুসৰি সুৰংগটোৰ ভিতৰৰ পৰা 'শ্বটক্ৰেট' (কংক্ৰিট স্প্ৰে)ৰ দ্বাৰা মাটি আঁতৰোৱা হৈছে, আনহাতে সুৰংগটোত আৱদ্ধ লোকসকলক স্থানান্তৰ কৰিবলৈ 'হাইড্ৰলিক জেক'ৰ সহায়ত ৯০০মিমি ব্যাসৰ ষ্টীল পাইপৰ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।

কোম্পানীয়ে জনাইছে যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সহায় কৰিছে। লগতে বিশেষজ্ঞৰ দ্বাৰা এই লোকসকলক উদ্ধাৰৰ চেষ্টা চলাব।

ভূমিস্খলনঃ ২৪ ঘন্টা ধৰি নিৰ্মীয়মান সুৰংগৰ ভিতৰত আৱদ্ধ ৪০ শ্ৰমিক
খানাপাৰাত ৰোগীসহ বাগৰি পৰিল এখন এম্বুলেন্স

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in