ভাল খবৰঃ ১৭ দিন পাছত সুৰংগৰ পৰা সুকলমে উদ্ধাৰ হ'ল ৪১ জন শ্ৰমিক

ভাল খবৰঃ ১৭ দিন পাছত সুৰংগৰ পৰা সুকলমে উদ্ধাৰ হ'ল ৪১ জন শ্ৰমিক

ডিজিটেল ডেস্কঃ অৱশেষত আহিল ভাল খবৰ! ১৭ দিন ধৰি সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক সোশৰীৰে উদ্ধাৰ। ১২ নৱেম্বৰৰ পৰা উত্তৰাখণ্ডৰ উত্তৰকাশীত নিৰ্মাণাধীন চিল্কিয়াৰা-দানদালগাঁও সুৰংগত আৱদ্ধ হৈ আছিল ৪ ১জনকৈ শ্ৰমিক।

এই শ্ৰমিক কেইজনৰ বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰাই থকা হৈছে। আটাইকেইজন শ্ৰমিক সুস্থ আছে বুলি জানিব পৰা গৈছে। এই শ্ৰমিক কেইজনৰ ভিতৰত দুজন শ্ৰমিক অসমৰো।

উদ্ধাৰকাৰী দলৰ সদস্য হৰপাল সিঙে কয় যে, প্ৰথম সফলতা সন্ধিয়া ৭.০৫ বজাত পোৱা গৈছিল। ড্ৰিলিং হোৱাৰ পাছত এনডিআৰএফৰ কৰ্মীসকলে শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ ভিতৰলৈ গৈছিল। পাছত এজন এজনকৈ ৪১ জন শ্ৰমিককে বাহিৰলৈ উলিয়াই অনা হৈছিল।

উল্লেখ্য যে, তাতেই অস্থায়ী শিবিৰত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্য়ৱস্থা কৰোৱা হৈছে। যদি কোনো শ্ৰমিকৰ স্বাস্থ্যৰ অৱনতি হয় তেন্তে তেওঁক লগে লগে এয়াৰলিফ্ট কৰোৱা হ'ব। ইয়াৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে।

এই শ্ৰমিকসকল ১২ নৱেম্বৰৰ পুৱাৰ পৰা সুৰংগটোত আৱদ্ধ হৈ আছিল। শ্ৰমিক আৰু উদ্ধাৰকাৰী দলৰ মাজত ৬০ মিটাৰ দূৰত্ব আছিল। উদ্ধাৰ অভিযানকাৰী দল সমূহে মেনুৱেল ড্ৰিলিং কৰিবলৈ প্ৰায় ২১ ঘণ্টাকৈ কাম কৰিছিল।

শ্ৰমিকসকলৰ উদ্ধাৰ অভিযানৰ সময়ত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী আৰু কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল ভি কে সিং (অৱসৰপ্ৰাপ্ত) ও উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে আটাইকেইজন শ্ৰমিককে স্বাগতম জনায়। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ফোনৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা শ্ৰমিকৰ উদ্ধাৰ অভিযানৰ বিষয়ে খবৰ লয়।

ভাল খবৰঃ ১৭ দিন পাছত সুৰংগৰ পৰা সুকলমে উদ্ধাৰ হ'ল ৪১ জন শ্ৰমিক
প্ৰয়াত অনিল বৰুৱাই যোৰহাটক লৈ 'অসমীয়া প্ৰতিদিন'লৈ প্ৰেৰণ কৰা এখন বিশেষ চিঠি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in