প্ৰয়াত অনিল বৰুৱাই যোৰহাটক লৈ 'অসমীয়া প্ৰতিদিন'লৈ প্ৰেৰণ কৰা এখন বিশেষ চিঠি...

প্ৰয়াত অনিল বৰুৱাই যোৰহাটক লৈ 'অসমীয়া প্ৰতিদিন'লৈ প্ৰেৰণ কৰা এখন বিশেষ চিঠি...

ডিজিটেল ডেস্কঃ বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ মঙলবাৰে সন্ধিয়া পৰলোক প্ৰাপ্তি ঘটে। বৰুৱা অসমৰ সংবাদ মাধ্যমৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি আছিল। বৰুৱা জনমভূমি, দৈনিক অসম কাকতৰ প্ৰাক্তন সম্পাদকো আছিল। ২০২১ চনত বৰুৱাই তেওঁৰ জন্মভূমি যোৰহাটৰ ওপৰত লিখিছিল এটি বিশেষ লেখা। প্ৰতিদিন কাকতলৈ প্ৰেৰণ কৰিছিল উক্ত লেখাটো। সেই লিখাটোৱে হুবহু আজি ইয়াত প্ৰকাশ কৰা হ'ল-

(' অসমীয়া প্ৰতিদিন ' ৰ ২৩ ডিচেম্বৰ/২১ তাৰিখৰ সংখ্যাত গোপাল জালানৰ 'পাণবজাৰৰ এটি ১৭০ বছৰীয়া ঐতিহ্যময় গৃহ ' শীৰ্ষক লেখাটো পঢ়ি উপকৃত হ'লোঁ , লেখকক ধন্যবাদ । তেওঁৰ লেখাটো পঢ়ি মোৰ দুটামান পুৰণি কথা মনত পৰিল , তাৰে এটা যোৰহাটৰ আৰু আনটো গুৱাহাটীৰ ।)

যোৰহাটৰ কৃষ্ণ শৰ্মাৰ গোসাঁই-ঘৰটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত যুক্ত হৈ থকা ঐতিহ্য । সাংবাদিক বদন বৰুৱাই তেওঁৰ ' যোৰহাটৰ গোলাপ ফুল ' গ্ৰন্থত লিখি থৈ গৈছে এইবুলি : " যোৰহাটে গৌৰৱ কৰিব পৰা বস্তু নথকা নহয় । কিন্তু আমি ৰক্ষা কৰিব নোৱাৰিলোঁ । ১৯৮৩ চনৰ শেষভাগত নে ১৯৮৪ চনৰ আগভাগত অষ্ট্ৰেলিয়াৰ এজন ৰিছাৰ্চ স্কলাৰ যোৰহাটলৈ আহিছিল । উদ্দেশ্য কৃষ্ণনাথ শৰ্মাই হৰিজনৰ কাৰণে মুকলি কৰি দিয়া নামঘৰটো। ( কোনো কোনোৰ মতে গোসাঁইঘৰহে – ব্যক্তিগত লোকৰ গোসাঁইঘৰহে থাকে ) চোৱা ।

গান্ধীজীৰ বিষয়ে গৱেষণা কৰি এই ৰিছাৰ্চ স্কলাৰজনে ভাৰতত তিনি বছৰ কটাইছিল । ক'ৰবাত পঢ়িলে বা শুনিলে যে হৰিজনৰ কাৰণে মহাত্মা গান্ধীয়ে এজন লোকৰ নামঘৰটো গৃহস্থৰ ইচ্ছা অনুযায়ী মুকলি কৰি দিছিল । হৰিজনৰ কাৰণে মুকলি কৰি দিয়া ভাৰতত এইটোৱেই প্ৰথম নামঘৰ আছিল আৰু ই আছে যোৰহাটত ।

তেওঁ পোনে পোনে যোৰহাটলৈ আহিল । বিচাৰি গৈ সৰ্বাইবন্ধাৰ কৃষ্ণ শৰ্মাৰ ঘৰ পালেগৈ । নামঘৰটো ক'ত ? চাবলৈ বিচাৰিলে । শৰ্মাৰ ডাঙৰ পুত্ৰ দুৰ্গাদাস দেৱ শৰ্মাই নামঘৰটো যে নাই বুজাই ক'লে । অষ্ট্ৰেলিয়াৰ স্কলাৰজন আচৰিত হ'ল । এনেকুৱা এটা মূল্যৱান ঘৰো সংৰক্ষিত কৰিব পৰা নহ'ল নে ?

১৯৩৪ চনৰ এপ্ৰিল মাহত মহাত্মা গান্ধী যোৰহাটলৈ আহোঁতে কৃষ্ণ শৰ্মাই তেওঁৰ নামঘৰটো হৰিজনৰ কাৰণে মুকলি কৰি দিছিল । ভাৰতত এইটোৱেই বোলে প্ৰথম আছিল ।

কোনোৱে হয়তো ক'ব , কাঠ-বাঁহৰ কাৰণে ঘৰটো ভাগি গ'ল । কিন্তু ওৱাৰ্দ্ধা , সৱৰমতী আদিত এনে ঘৰ এতিয়াও দেখা যায় –যিবিলাক ভালকৈ সংৰক্ষণ কৰা হৈছে ,প্ৰয়োজনমতে খুটা আদি বদলাই । এই ৰিছাৰ্চ স্কলাৰজন অহাৰ পিছত " গান্ধী গ্ৰাম নিৰ্মাণ কমিটী " নামেৰে এখন কমিটী গঠন হৈছিল-স্মৃতি ৰক্ষাৰ কাৰণে । কিন্তু কমিটী কমিটী হৈয়েই আছে । "

গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰ আৰু তাৰ এসময়ৰ মুখ্যদলৈ চক্ৰেশ্বৰ ভট্টাচাৰ্যই বৃটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰা স্বাধীনতা সংগ্ৰামীসকলক মন্দিৰত আশ্ৰয় দি লুকুৱাই থৈছিল আৰু সেইবাবে তেওঁ বৃটিছ চীফ কমিছনাৰ বাৰ্ডৰ ৰোষৰ বলি হৈ মুখ্যদলৈ পদ ত্যাগ কৰিব লগা হৈছিল ।

সেই বিষয়ে তেওঁৰ মৃত্যুৰ পিছত মই ' দৈনিক অসম ' ত লিখিছিলোঁ আৰু সেইখন কাকততে যোৱা ১৫ ডিচেম্বৰ/২১ তাৰিখে প্ৰকাশিত আন এটা লেখাত সেইবোৰ কথা পুনৰ উল্লেখ কৰিছিলোঁ । যিটো কথা আজিৰ আলোচ্য প্ৰসঙ্গত জনাব খুজিছোঁ , সেইটো হ'ল : মহাত্মা গান্ধীৰ আহ্বানত সঁহাৰি জনাই চক্ৰেশ্বৰ ভট্টাচাৰ্যও তেওঁৰ মন্দিৰৰ দুৱাৰ মুকলি কৰি দি হৰিজনসকলক সোমাবলৈ দি ফোঁট-ৰেঘা আৰু ফুলেৰে আদৰিছিল ।

মোৰ আগত তেওঁ উদ্দীপ্ত হৈ সেই ঘটনাৱলী বৰ্ণনা কৰিছিল । উগ্ৰতাৰা মন্দিৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য হিচাপে বৰ্তমান সংৰক্ষণ কৰা হৈছেনে নাই মই নাজানোঁ ।

অনিল বৰুৱা

' দৈনিক অসম ' ৰ প্ৰাক্তন সম্পাদক

প্ৰয়াত অনিল বৰুৱাই যোৰহাটক লৈ 'অসমীয়া প্ৰতিদিন'লৈ প্ৰেৰণ কৰা এখন বিশেষ চিঠি...
বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ দেহাৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in