বন্ধ বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ; পথতেই আবদ্ধ যাত্ৰী...

বাৰিষাৰ আগমণৰ লগে লগে দেশৰ প্ৰান্তে প্ৰান্তে ধাৰষাৰ বৰষুণৰ সমান্তৰালভাবে দেখা দিছে প্ৰাকৃতিক দুৰ্যোগে।

author-image
Asomiya Pratidin
New Update
বন্ধ বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ; পথতেই আবদ্ধ যাত্ৰী...

ডিজিটেল ডেস্ক : বন্ধ হৈ পৰিছে বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ। বাৰিষাৰ আগমণৰ লগে লগে দেশৰ প্ৰান্তে প্ৰান্তে ধাৰষাৰ বৰষুণৰ সমান্তৰালভাবে দেখা দিছে প্ৰাকৃতিক দুৰ্যোগে। অসমকে ধৰি কেইবাখনো ৰাজ্যৰ লগতে মায়ানগৰীৰ মুম্বাইতো দেখা বান পৰিস্থিতি কিছু সুস্থিৰ অৱস্থালৈ আহিছে যদিও ঠায়ে ঠায়ে এতিয়াও হৈয়ে আছে খহনীয়া অথবা ভূমিস্খলন।

Advertisment

ঠিক তেনেদৰে উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথ-৭ও ধাৰাষাৰ বৰষুণৰ প্ৰকোপত যাতায়ত বন্ধ হৈ পৰিছে। ৰাজ্যখনৰ চামোলী জিলাত নেৰানেপেৰা বৰষুণ হোৱাৰ বাবে লাম্বাগড় আৰু খাচাদাত বিগত ১৩ ঘণ্টা ধৰি বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে। যাৰ বাবে পথতেই আবদ্ধ হৈ পৰিছে যাত্ৰীসকল।

উল্লেখ্য যে, পথচোৱা সুচল কৰিবলৈ উত্তৰাখণ্ড প্ৰশাসনৰ বিভাগীয় কৰ্তৃপক্ষই চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানেও সফল হোৱা নাই।

Also Read: শান্ত হোৱা নাই মণিপুৰ; নিশা বিদ্রোহীৰ গুলীত নিহত...

uttarakhand