পুনৰ ৰেলত অগ্নিকাণ্ড, ২১ জন যাত্ৰীক চিকিৎসালয়ত ভৰ্তি

পুনৰ ৰেলত অগ্নিকাণ্ড, ২১ জন যাত্ৰীক চিকিৎসালয়ত ভৰ্তি

ডিজিটেল ডেস্কঃ এটাৰ পাছত আন এটা অঘটন ভাৰতীয় ৰেলত। উত্তৰ প্ৰদেশৰ ইটাৱা জিলাত ১২ ঘন্টাৰ ভিতৰত দুটাকৈ ৰেলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি বুধবাৰে নিশা ইটাৱা জিলাৰ দিল্লী-চহৰচা বৈশালী এক্সপ্ৰেছৰ এটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। যাৰ ফলত ২১ জন যাত্ৰীক চিকিৎসালয়ত ভৰ্তি হয়।

ইয়াৰে অধিকাংশলোকে ধোৱাৰ বাবে শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগিছিল। কিছুমান যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হৈছে । জানিব পৰা মতে নিশা প্ৰায় ২মান বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰলোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। সামান্য পৰিমাণে জুই লাগিছিল যদিও ধোৱাৰ বাবে যাত্ৰীসকল সমস্যাত ভুগিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, দিল্লী-চহৰচা বৈশালী এক্সপ্ৰেছৰ এছ-৬ ডবাত এই অগ্নিকাণ্ড সংঘটিত হয়।

পুনৰ ৰেলত অগ্নিকাণ্ড, ২১ জন যাত্ৰীক চিকিৎসালয়ত ভৰ্তি
শৌচালয়ৰ টেংকিত যুৱতীৰ মৃতদেহ উদ্ধাৰ, আটক এজন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in