শৌচালয়ৰ টেংকিত যুৱতীৰ মৃতদেহ উদ্ধাৰ, আটক এজন

শৌচালয়ৰ টেংকিত যুৱতীৰ মৃতদেহ উদ্ধাৰ, আটক এজন

ডিজিটেল সংবাদ,মঙলদৈঃ দৰঙৰ বানেইকুছিৰ শৌচালয়ৰ টেংকিত মৃতদেহ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে এজনক আটক কৰে আৰক্ষীয়ে। নিৰাপত্তা বেষ্টনীৰ মাজত আটকাধীন হিতেশ কলিতাক ছিপাঝাৰ থানাত হাজিৰ কৰালে আৰক্ষীয়ে।

হিতেশ কলিতা বানেইকুছিৰ লোক যদিও কৰ্মসূত্ৰে গুৱাহাটী থাকে। কলিতাক সন্দেহ কৰি গুৱাহাটী পৰা আৰক্ষীয়ে আটক কৰি দৰঙলৈ লৈ আহে। উল্লেখযোগ্য যে দৰঙৰ বানেকুছিত মঙলবাৰে গাঁওখনৰ কলিতা পাৰা চুবুৰীৰ এটা পৰিয়ালৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হৈছিল অৰ্ধগলিত এটি যুৱতীৰ মৃতদেহ ৷

পৰিয়ালৰ লোকে শৌচালয়লৈ যোৱাত প্ৰত্যক্ষ কৰিছিল মৃতদেহটো ৷ এটা বস্তাৰ ভিতৰত উদ্ধাৰ হৈছিল অচিনাকী যুৱতীৰ মৃতদেহটো ৷ইতিমধ্যে মৃতদেহটো নলবাৰীৰ জামেনী বৈশ্য বুলি চিনাক্ত কৰা হৈছে।

শৌচালয়ৰ টেংকিত যুৱতীৰ মৃতদেহ উদ্ধাৰ, আটক এজন
বিশ্বকাপ আমাৰ!

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in