/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8f560a21-2b5a-4e28-8bfc-2d362709032d/up_3.jpg)
উত্তৰ প্ৰদেশৰ পদপিষ্ট ঘটনাত মৃতকৰ সংখ্যা ১২১ জনলৈ বৃদ্ধি...
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰসত মঙ্গলবাৰে এক ধৰ্মীয় অনুষ্ঠানত সংঘটিত হোৱা পদপিষ্ট ঘটনাত এই পৰ্যন্ত ১২১ গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত দেশজুৰি চাঞ্চল্য সৃষ্টি হৈছে।
কিয় আৰু কেনেকৈ এই ঘটনা হ'বলৈ পালে সেই সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে তদন্ত কৰিবলৈ এক উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰিছে। শেহতীয়া খবৰ অনুসৰি এই অনুষ্ঠানৰ মুখ্য সেৱক দেৱপ্ৰকাশ মধুকৰ আৰু অন্যান্য আয়োজকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এই এজাহাৰৰ ভিত্তিতে ভাতীয় ন্যায় বিধিৰ ধাৰা ১০৫, ১১০, ১২৬ (২) ২২৩ আৰু ২৩৮ ৰ অধীনত পঞ্জীয়ন কৰা হৈছে।
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ নাৰায়ণ শংকৰ বিশ্ব হৰি নামেৰে জনাজাত ভোলে বাবাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কেইবালাখ ভক্তই এই অনুষ্ঠানত ভিৰ কৰিছিল। প্ৰশাসনৰ অনুমতিতকৈ ইয়াত বহু গুণ অধিক ভক্তৰ সমাগম হয়।
তাৰ মাজতে মঙ্গলবাৰে বিয়লি অনুষ্ঠানটোত অংশগ্ৰহণ কৰা ভক্তৰ মাজত দৌৰাদৌৰি আৰম্ভ হয়। ফলত পদপিষ্ট হৈ এই পৰ্যন্ত ১২১ জনকৈ লোকে প্ৰাণ হেৰুৱালে। এই ঘটনা ছিকান্দ্ৰৰাই কোটৱালী অঞ্চলৰ জিটি ৰোডৰ ফুলৰাই গাঁৱত সংঘটিত হৈছে।
ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত আছিল অতি কমেও ৪০ হাজাৰ লোক। ইমান বৃহৎ সংখ্যক লোক উপস্থিত থকাৰ পাছতো তাত নাছিল কোনো পৰ্যাপ্ত ব্যৱস্থা। নাছিল সুৰক্ষামূলক ব্যৱস্থা। যাৰ পৰিণিতত এই ঘটনা ঘটিবলৈ পালে।
जनपद हाथरस की दुर्भाग्यपूर्ण दुर्घटना में हुई जनहानि अत्यंत दुःखद एवं हृदय विदारक है।
मेरी संवेदनाएं शोक संतप्त परिजनों के साथ हैं।
संबंधित अधिकारियों को राहत एवं बचाव कार्यों के युद्ध स्तर पर संचालन और घायलों के समुचित उपचार हेतु निर्देश दिए हैं।
उत्तर प्रदेश सरकार में मा.…— Yogi Adityanath (@myogiadityanath) July 2, 2024
ইফালে আজি এই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'ব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ইয়াৰোপৰি যিসকল আহত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁলোককো সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে।
जनपद हाथरस की दुर्भाग्यपूर्ण दुर्घटना पर... pic.twitter.com/VOcNSmZkwW
— Yogi Adityanath (@myogiadityanath) July 2, 2024
Also Read: কাজিৰঙাৰ ১৬৩ টা বন শিবিৰ জলমগ্নঃ বনকৰ্মীৰ কাষত থিয় দিলে মুখ্যমন্ত্ৰী...