/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3103ebec-6de7-4a84-b174-f1453b6b4df2/kaziranga_3.jpg)
কাজিৰঙাৰ ১৬৩ টা বন শিবিৰ জলমগ্নঃ বনকৰ্মীৰ কাষত থিয় দিলে মুখ্যমন্ত্ৰী...
ডিজিটেল ডেস্কঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো বানপানীৰ কবলত পৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিস্থিতিও জটিল হৈ পৰিছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিচিত কাজিৰঙাৰ মুঠ ১৬৩ টা বন শিবিৰ এতিয়া জলমগ্ন।
এনে পৰিস্থিতিত উদ্যানখনৰ ভিতৰভাগৰ ৯ টাকৈ বন শিবিৰৰ বনকৰ্মীক অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত ভূমিৰ অভাৱত এতিয়া কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে বন্য জীৱসমূহে।
তথ্য অনুসৰি এই পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনত এটা গঁড় পোৱালিৰ লগতে অন্যান্য ৪ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত সকলোধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে এন ডি আৰ এফ বাহিনীৰ দল আৰুৱ পশু চিকিৎসকৰ দল।
কাজিৰঙাত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ মাজতে বোকাখাত বান পৰিস্থিতি বুজ ল'বলৈ গৈ মঙ্গলবাৰে সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়গৈ ৰাষ্ট্ৰীয় উদ্যানখনত। ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষৰ সৈতে তেওঁ কাজিৰঙাৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এই ক্ষেত্ৰত সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
ইফালে পূৰ্বতকৈ পৰিস্থিতি অধিক জটিল হৈ পৰাত ডেৰগাওঁত প্ৰশিক্ষণৰত ১০০ বন কৰ্মীক কাজিৰঙাত মোতায়েন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিছে। তাৰ মাজতে মুুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত কাজিৰঙাৰ অস্থায়ী বন কৰ্মীসকলৰ ফিক্সড পে'ৰ বিষয়টোৰ সন্দৰ্ভত বনমন্ত্ৰীৰে পৰ্যালোচনা কৰিব বুলিও কয়।
তেওঁ বানপানীৰ বাবে কাৰ্বি পাহাৰলৈ উঠি যোৱা ব্যপ্ৰাণীসমূহ পুনৰ যাতে সুকলমে ৰাষ্ট্ৰীয় উদ্যানখনলৈ উভতি আহিব পাৰে তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ সকলোকে আহ্বান জনাইছে।
আনহাতে কাজিৰঙাৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি দৃষ্টা ৰাখি বন বিভাগে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ডৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় পথটো অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতিকৰা বন্য প্ৰাণীৰ নিৰাপত্তাৰ বাবে পথটোৰে চলাচল কৰা বাহনক আৰক্ষী প্ৰশাসনৰ সহযোগত এচকৰ্ট বাহনে নিৰ্দিষ্ট গতিত কনভয় কৰি কৰিডৰ এলেকা পাৰ কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে এই ব্যৱস্থা কাৰ্যকৰী হৈছে আৰু ই ফলপ্ৰসু হোৱা বুলি জানিবলৈ পোৱা গৈছে।
Just concluded a late evening assessment of flood preparedness at Kaziranga National Park.
I have instructed the deployment of additional NDRF battalions to augment ongoing relief ops and asked for additional mobile veterinary clinics to assist stray wild animals.#AssamFloods pic.twitter.com/sQ4SBrh0Bc— Himanta Biswa Sarma (@himantabiswa) July 2, 2024
Also Read: ৰাজ্যৰ ২৮ খন জিলা বানৰ কবলতঃ ৩৮ জনে হেৰুৱালে প্ৰাণ, ১১ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত...