/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/285b3c8c-9d70-4260-98ec-3bf705f742e7/klk.jpg)
ডিজিটেল ডেস্কঃ এহাল মৃত দম্পতীৰ সন্তান তুলি লোৱাৰ সিদ্ধান্ত ল'লে জিলা দণ্ডাধীশে। ৰুধোলী থানাৰ অন্তৰ্গত এটা অঞ্চলত এগৰাকী মহিলা দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ পাছত আত্মহত্যাৰ পথ বাছি লৈছিল। মহিলাগৰাকীৰ লগতে স্বামীয়েও আত্মহত্যা কৰিছিল।
তাৰপাছতে দম্পতীহালৰ তিনি সন্তানক তুলি লয় জিলা দণ্ডাধীশ অন্দ্ৰা বামসীয়ে। লগতে তেওঁ ঘটনাৰ প্ৰতি সংবেদনা জ্ঞাপন কৰে। তেওঁ শিশু কেইটিৰ অধ্যয়নৰো দায়িত্ব লয়।
তেওঁ কয় যে, শিশু কেইটি য'তেই পঢ়িবলৈ ইচ্ছা কৰে পঢ়িব পাৰে। তদুপৰি কিবা বস্তুৰ প্ৰয়োজন হ'লে জিলা প্ৰশাসনে সকলো সুবিধা উপলব্ধ কৰিব। বৰ্তমান শিশুকেইটিক খুড়া-খুৰীয়েকে চোৱা চিতা কৰি আছে।
উল্লেখ্য যে, ২১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ ৰুধোলীত এক দলবদ্ধ ধৰ্ষণকাণ্ড সংঘটিত হৈছিল। ঘটনাৰ পাছতে দম্পতী হালে বিহ পান কৰি আত্মহত্যা কৰিছিল। বিহ পান কৰাৰ পাছত তেওঁলোকৰ সন্তানে ভিডিঅ' কৰিছিল য'ত তেওঁলোকে ন্যায় দাবী কৰিছিল।
উক্ত দলবব্ধ ধৰ্ষণকাণ্ডৰ তদন্ত আৰক্ষীয়ে কৰি আছে। ইতিমধ্যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্তৰ এজনৰ নাম ত্ৰিলোকী আৰু আনজন নাবালক বুলি জানিব পৰা গৈছে।
Also Read: পন্নু, যিয়ে ভাৰত বিভাজন কৰি গঠন কৰিব বিচাৰে খালিস্তান আৰু উৰ্দুস্তান...