/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d2f8f581-c1c0-4f79-97c0-ee38097d15cf/gfhghh.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে খালিস্তানি সন্ত্ৰাসবাদীসকলৰল বিৰুদ্ধে অভিযান তৈয়াৰ কৰিছে। এনআইএ এখন তালিকা প্ৰস্তুত কৰিছে যত কেইবাগৰাকী খালিস্তানী নেতাৰ নাম অন্তৰ্ভুক্ত আছে।
এই তালিকাত নাম থকা সকলে ভাৰত বিৰোধী কাম-কাজত জড়িত হৈ আহিছে। ইয়াৰ ভিতৰত আছে গুৰপতৱন্ত সিং পান্নুৰ নামও ।
জানিব পৰা মতে পান্নুৰ বিৰুদ্ধে সমগ্ৰ দেশতে ১৬ টা গোচৰ ৰুজু হৈ আছে। এই গোচৰসমূহ দিল্লী, পঞ্জাৱ, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰাখণ্ড আদিত আছে। ১৯৪৭ চনত পান্নু পাকিস্তানৰ খানকোট গাঁৱৰ পৰা অমৃতসৰলৈ আহিছিল। তেওঁ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰীও লৈছে। তেওঁৰ পিতৃ-মাতৃৰ মৃত্যু হোৱাৰ লগতে ভাতৃ বিদেশত থাকে।
পান্নুয়ে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিচ্ছিন্নতাবাদী গোট শিখছ ফৰ জাষ্টিছৰ মুৰব্বী। তেওঁ ভাৰতৰ পৰা পঞ্জাৱ পৃথক কৰাৰ দাবী কৰি আহিছে।
২০২২ চনৰ ৭ জুলাইত গৃহ মন্ত্ৰালয়ে পান্নুক সন্ত্ৰাসবাদী ঘোষণা কৰিছিল। পান্নুয়ে ভাৰতক কেইবাটাও ভাগত বিভক্ত কৰি বেলেগ বেলেগ দেশ বনাব বিচাৰে। ধৰ্মৰ আধাৰত তেওঁ বিভাজন বিচাৰে।
দেশৰ মুছলমানসকলক লৈ এখন মুছলমান দেশ গঢ়িব বিচাৰে, যাক তেওঁ উৰ্দুস্তান গণতান্ত্ৰিক গণৰাজ্য নাম দিব বিচাৰে। ইয়াৰ উপৰিও কাশ্মীৰক ভাৰতৰ পৰা পৃথক কৰিব বিচাৰে তেওঁ।
ইণ্ডিয়া গেটত খলিস্তানী পতাকা উত্তোলন কৰা লোকক ২.৫ মিলিয়ন আমেৰিকান ডলাৰ দিয়াৰ কথা কৈছিল তেওঁ । লগতে ২০২১ চনৰ ১৫ আগষ্টত লালকিল্লাত ত্ৰিৰংগা উত্তোলন বন্ধ কৰা আৰক্ষীজনক ১ মিলিয়ন আমেৰিকান ডলাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। ইয়াৰোপৰি আৰু বহু ভাৰত বিৰোধী কাম কৰি গৈছে তেওঁ।
Also Read: ৬০ বছৰীয়া ব্যক্তিয়ে যৌন নিৰ্যাতন চলালে কিশোৰীক! গ্ৰেপ্তাৰ...