পুনৰ একাউণ্টাৰঃ আৰক্ষীৰ গুলীত আহত ৩ অভিযুক্ত

পুনৰ একাউণ্টাৰঃ আৰক্ষীৰ গুলীত আহত ৩ অভিযুক্ত

ডিজিটেল ডেস্কঃ দেওবাৰে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক এনকাউণ্টাৰৰ ঘটনা। উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাত সংঘটিত হোৱা এই এনকাউণ্টাৰ ঘটনাত আৰক্ষীৰ গুলীত আহত হৈছে তিনিজনকৈ অভিযুক্ত।

উল্লেখ্য যে জিলাখনত শুকুৰবাৰে সংঘটিত এক অপৰাধজনিত ঘটনাৰে জড়িত থকাৰ অভিযোগত ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰি চিকিৎসায়লৈ নিয়াৰ পথত সংঘটিত হয় এই ঘটনা। অভিযুক্ত কেইজনে আৰক্ষীৰ ৰাইফল কাঢ়ি ​​পলাবলৈ চেষ্টা কৰাৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰে বুলি জানিব পৰা গৈছে।

ঘটনা অনুসৰি উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাত শুকুৰবাৰে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে সমনীয়াৰ সৈতে বিদ্যালয়ৰ পৰা চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত মটৰ চাইকেলত অহা দুজন লোকে কিশোৰীগৰাকীয়ে কান্ধত পৰিধান কৰা উৰণি (দুপাট্টা) টানি নিয়াৰ ফলত সংঘটিত হৈছিল এক দুৰ্ঘটনা।

দুৰ্ঘটনা প্ৰাণ হেৰুৱাব লগীয়া হয় কিশোৰীগৰাকীয়ে। জিলাখনৰ হান্সৱাৰ থানা এলেকাৰ হিৰাপুৰ বজাৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ঘটনাৰ ভিডিঅ’ত কিশোৰীগৰাকীৰ উক্ত বস্ত্ৰ বাইক আৰোহীয়ে টানি নিয়াৰ ফলত ভাৰসাম্য হেৰুৱাই মাটিত ঢলি পৰা স্পষ্ট হৈছে।

কিশোৰাগৰাকীয়ে মাটিত ঢলি পৰাৰ পাছতেই পিছফালৰ পৰা অহা আন এখন বাইকে খুন্দা মৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে মৃত্যুক সাৱটি লয়। উল্লেখ্য যে ঘটনাৰে জড়িত তিনিওজন অভিযুক্ত হৈছে ক্ৰমে- ফৈছাল,  শ্বাহবাজ আৰু আৰবাজ। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি শনিবাৰে অঞ্চলটোৰ চিচিটিভি ফুটেজ স্কেন কৰি তিনিওজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে।

উক্ত তিনিওজন অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোতেই এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। আম্বেদকাৰ নগৰৰ আৰক্ষী অধীক্ষক অজিত কুমাৰ সিনহাই জানিবলৈ দিয়া অনুসৰি বৰ্তমান তিনিওজনকে চিকিৎসাৰ বাবে জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

পুনৰ একাউণ্টাৰঃ আৰক্ষীৰ গুলীত আহত ৩ অভিযুক্ত
বৰক্ষেত্ৰীৰ ৰামপুৰত গৱেষক চিকিৎসকৰ প্ৰচেষ্টাত গছপুলি ৰোপণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in