/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/031527db-113a-4dad-9446-f1076fe533a6/UP_PHOTO.jpg)
ডিজিটেল ডেস্কঃ আকৌ বুকু কঁপি উঠা নৃশংস ঘটনা। এইবাৰ পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ। শুই থকা অৱস্থাতে বিচনাত ৰচীৰে বান্ধি লৈ কুঠাৰেৰে স্বামীক কৰিলে হত্যা। তাৰ পাছত মৃতদেহটো ৫ টুকুৰা কৰিলে পত্নীয়ে।
হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ পেলাই দিলে ঘৰৰ ওচৰৰ দ’ খাৱৈত। এই জঘন্য ঘটনা সংঘটিত হ’ল উত্তৰ প্ৰদেশৰ পিলিভিত নামৰ এখন গাঁৱত। কিন্ত কেনেকৈ সংঘটিত হ’ল এই ঘটনা? তথ্য অনুসৰি, মঙলবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল গজৰৌলা থানা এলেকাৰ শিৱনগৰ গাঁৱৰ নিবাসী ৫৫ বছৰীয়া ৰামপাল।
ৰামপালৰ পুত্ৰ সোমপাল গাঁৱৰ আন এখন ঘৰত পত্নী আৰু সন্তানৰ সৈতে থাকে। পূৰ্বতে ৰামপাল আৰু পত্নী দুলাৰো দেৱীৰ মাজত বিবাদ হৈ আছিল। দুলাৰো দেৱীয়ে স্বামী ৰামপালৰ বন্ধুৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে স্বামীৰ বন্ধুৰ সৈতে সহবাস কৰিবলৈ আৰম্ভ কৰিছিল।
ইফালে, বুধবাৰে দুলাৰো দেৱীয়ে পুত্ৰক কয় যে, তেওঁৰ পিতৃ ঘৰত নাই। এই সন্দৰ্ভত পুত্ৰই বুধবাৰে নিজেই গজৰৌলা থানাত পিতৃ নিৰুদ্দেশ হোৱাৰ কথা অৱগত কৰে। লগতে পুত্ৰই আৰক্ষীক অৱগত কৰে যে কিছুদিন পূৰ্বেহে মাক ঘৰলৈ আহিছিল। পুত্ৰৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে দুলাৰো দেৱীৰ ওপৰত সন্দেহ প্ৰকাশ কৰে।
সন্দেহৰ ভিত্তিত বৃহস্পতিবাৰে বিয়লি দুলাৰো দেৱীক জিম্মাত লৈ আৰক্ষীয়ে জেৰা আৰম্ভ কৰে। আৰক্ষীৰ মাৰাথন জেৰাত স্বামীক হত্যা কৰাক লৈ দুলাৰো দেৱীৰ বিস্ফোৰক স্বীকাৰোক্তি। কেনেকৈ স্বামীক হত্যা কৰিছিল ? বিৱৰি ক’লে আৰক্ষীৰ আগত। তাৰ পাছতে সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে ডুবাৰুৰ সহায়ত দ’ খাৱৈত পেলাই দিয়া মৃতদেহৰ টুকুৰা বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us