অৰুণাচল প্ৰদেশৰ হোৱাৰ বাবেই ৩ খেলুৱৈক চীনে নিদিলে সাধাৰণ ভিছাঃ ৱ'ৰ্ল্ড ইউনিভাৰ্চিটি গেমছত অশংগ্ৰহণত বাধা...

অৰুণাচল প্ৰদেশৰ হোৱাৰ বাবেই ৩ খেলুৱৈক চীনে নিদিলে সাধাৰণ ভিছাঃ ৱ'ৰ্ল্ড ইউনিভাৰ্চিটি গেমছত অশংগ্ৰহণত বাধা...
অৰুণাচল প্ৰদেশৰ হোৱাৰ বাবেই ৩ খেলুৱৈক চীনে নিদিলে সাধাৰণ ভিছাঃ ৱ'ৰ্ল্ড ইউনিভাৰ্চিটি গেমছত অশংগ্ৰহণত বাধা...

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ পৰা চীনে অৰুণাচলক তেওঁলোকৰ অংশ বুলি দাবী কৰি আহিছে। এই লৈ দুয়োখন দেশৰ মাজত বিবাদ অব্যাহত আছে। তেনে বিবাদৰ মাজতে অৰুণাচলৰ ৩ গৰাকী খেলুৱৈক চীনে প্ৰদান নকৰিলে সাধাৰণ ভিছা।

চীনে অৰুণাচলক তেওঁলোকৰ ভূখণ্ডৰ অন্তৰ্গত বুলি দাবী কৰাৰ বাবেই অৰুণাচলৰ এই ৩গৰাকী খেলুৱৈক প্ৰদান নকৰিলে সাধাৰণ ভিছা। উল্লেখ্য যে, চীনত অনুষ্ঠিত হৈছে ৱ'ৰ্ল্ড ইউনিভাৰ্চিটি গেমছ।

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ চীনত উপস্থিত হৈছেগৈ ভাৰতীয় খেলুৱৈ, প্ৰশিক্ষককে ধৰি মেচ অফিচিয়েলসকল। কিন্তু ভাৰতীয় খেলুৱৈৰ দলটোৰ অন্যতম সদস্য উশ্বু খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকৰ দলটো চীনলৈ যাবলৈ নোৱাৰিলে।

কাৰণ এই তিনি খেলুৱৈক চীনে প্ৰদান নকৰিলে সাধাৰণ ভিছা। ফলত প্ৰতিযোগিতাত অংশলোৱাৰ যোগ্যতা থকাৰ পাছতো প্ৰতিযোগিতাত অংশ লোৱাৰ পৰা বঞ্চিত হ’ল এই খেলুৱৈ কেইজন। যাৰ বাবে এতিয়া বিষয়টোক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।

প্ৰশ্ন উত্থাপন হৈছে, দৰাচলতে কি ঘটিছে উশ্বু খেলুৱৈ কেইজনৰ লগত? জানিব পৰা মতে বৃহস্পতিবাৰে পাছবেলা দিল্লীৰ পৰা চীন অভিমুখে যোৱাৰ কথা আছিল ভাৰতীয় খেলুৱৈসকল।

সেইমতে কেৱল উশ্বু খেলুৱৈক বাদ দি বাকী সকলো খেলুৱৈ গৈ চীনত উপস্থিত হৈছেগৈ। কিন্তু বিমান বন্দৰতে আৱদ্ধ কৰি ৰখা হ’ল অৰুণাচল প্ৰদেশৰ তিনি খেলুৱৈসহ গোটেই উশ্বু দলটকো।

বিমানবন্দৰত বিষয়াসকলে জনোৱা অনুসৰি সাধাৰণ ভিছাৰ সলনি ষ্টেপল্ড ভিছা দিয়া হৈছে এই তিনি খেলুৱৈৰ বাবে। সেয়ে এই তিনিও খেলুৱৈক চীনলৈ যোৱাৰ অনুমতি তেওঁলোকে প্ৰদান নকৰিলে।

উশ্বু দলৰ তৰফৰ পৰা জনাইছে নিয়মমাফিক আৱেদন কৰিয়েই প্ৰতিজন খেলুৱৈয়ে ভিছাৰ অনুমতি লাভ কৰিছে। কিন্তু অৰুণাচল প্ৰদেশৰ তিনি খেলুৱৈক পুনৰ নতুনকৈ আৱেদন কৰিবলৈ কয় চীনা দূতাবাসে।

অন্য খেলুৱৈসকলে ২০ জুলাইতেই ভিছা লাভ কৰিছে। কিন্তু অৰুণাচল প্ৰদেশৰ ৩ খেলুৱৈয়ে ২৬ জুলাইত লাভ কৰে ষ্টেপল্ড ভিছা। তাৰ ঠিক পাছৰ দিনাই পাছবেলা চীনলৈ যোৱাৰ কথা আছিল তেওঁলোকৰ।

ফলত ভিছা সলনি কৰাৰ সময় তেওঁলোকে লাভ নকৰিলে। বিমান বন্দৰত তেওঁলোকৰ হাতত ষ্টেপল্ড ভিছা দেখি চীনলৈ যোৱাৰ অনুমতি প্ৰদান নকৰিলে বিষয়াসকলে। সেয়ে এতিয়া ৱ’ৰ্ল্ড ইউনিভাৰ্চিটি গেমছত তেওঁলোকে অংশ ল’ব পাৰিবনে নাই তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে অৰুণাচল প্ৰদেশক চীনে তেওঁলোকৰ নিজ দেশৰ অংশ হিচাপে দাবী কৰি আহিছে। সেই বাবেই অৰুণাচল প্ৰদেশৰ নাগৰিক হোৱাৰ হেতুকে এই তিনিও উশ্বু খেলুৱৈক  ষ্টেপল্ড ভিছা দিলে চীনা প্ৰশাসনে।

গালৱান ঘাটীৰ সংঘৰ্ষৰ পাছত ভাৰত আৰু চীনৰ দ্বাপাক্ষিক সম্পৰ্কত নানান সমস্যাই দেখা দি আহিছে। ৰাজনৈতিক এনে কাৰণতেই এইদৰে আৰম্ভ হৈছে ভিছা বিতৰ্ক। চীনে অৰুণাচলক তেওঁলোকৰ বুলি দাবী কৰি অহা বিষয়টোক পুনৰ এবাৰ এইদৰে ৩ খেলুৱৈক ষ্টেপল্ড ভিছা প্ৰদান কৰি তুলি ধৰিলে। কিন্তু এই পৰ্যন্ত এই বিষয়ত ভাৰত মৌন হৈ আছে। প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া।

অৰুণাচল প্ৰদেশৰ হোৱাৰ বাবেই ৩ খেলুৱৈক চীনে নিদিলে সাধাৰণ ভিছাঃ ৱ'ৰ্ল্ড ইউনিভাৰ্চিটি গেমছত অশংগ্ৰহণত বাধা...
ইন্দ্ৰধনুশ গেছ গ্ৰীডৰ বাবে হাজাৰ হাজাৰ কৃষি ভূমি পানীৰ তলতঃ জিলা প্ৰশাসনৰো আওকাণ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in