অনলাইন গেমছৰ জৰিয়তে কেনেকৈ কৰা হয় ধৰ্মান্তকৰণ?

দেশত বৃদ্ধি পাইছে ধৰ্মান্তকৰণ প্ৰক্ৰিয়া।একাংশই বিভিন্ন লালসা দি বা জোৰ কৰি ধৰ্মান্তকৰণ কৰাৰ ঘটনাও দেখা পোৱা যায়।

author-image
Asomiya Pratidin
New Update
অনলাইন গেমছৰ জৰিয়তে কেনেকৈ কৰা হয় ধৰ্মান্তকৰণ?

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে ধৰ্মান্তকৰণ প্ৰক্ৰিয়া।একাংশই বিভিন্ন লালসা দি বা জোৰ কৰি ধৰ্মান্তকৰণ কৰাৰ ঘটনাও দেখা পোৱা যায়। উত্তৰ প্ৰদেশ, ৰাজস্থান, গুজৰাট পৰাও যথেষ্ঠ সংখ্যক ধৰ্মান্তকৰণৰ ঘটনা পোহৰলৈ আহে।

Advertisment

এই সন্দৰ্ভত গাজিয়াবাদৰ ডিচিপি চিটি নিপুন আগৰৱালে কয় যে তেওঁ লাভ কৰা তথ্য অনুসৰি ৪০০ তকৈ অধিক কিশোৰক ধৰ্মান্তকৰণ কৰা হৈছে। তেওঁৰ ওচৰত বহু ফটো আৰু ভিডিঅ আছে যদিও সম্পূৰ্ণ সত্য এতিয়াও জানিব পৰা হোৱা নাই।

ইয়াৰ পূৰ্বে ৩০ মে'ত গাজিয়াবাদত ধৰ্মান্তকৰণ সন্দৰ্ভত এজন মৌলৱীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আনহাতে শ্বাহনাৱাজ বুলি আন এজন লোকৰ তথ্য লাভ কৰিছিল। কিন্তু শ্বাহনাৱাজক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গাজিয়াবাদত দুই সন্তানৰ ওপৰত সন্দেহ হয় পিতৃ মাতৃৰ। যেতিয়া ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰে তেতিয়া গম পাই যে দুয়ো জিমলৈ যাম বুলি ৫ বাৰকৈ নামাজ পঢ়িব মছজিদত যায়।

এই ধৰ্মান্তকৰণ অনলাইন গেমছৰ জৰিয়তে হয়। খেলৰ সময়ত কোৱা হয় যদি জয়ী হ'ব বিচৰা তেন্তে আয়ত পঢ়া। তাৰপাছতেই বিভিন্ন বিভিন্ন দেখুৱাই তেওঁলোকক ইছলামৰ প্ৰতি আকৰ্ষিত কৰোৱায়।

Also Read: ৰাইজক গৰমৰ বাবে গছৰ তলত বহিবলৈ কোৱা নেতাৰ গৃহত ২২টাকৈ এ চি !

conversion uttar pradesh