ৰাইজক গৰমৰ বাবে গছৰ তলত বহিবলৈ কোৱা নেতাৰ গৃহত ২২টাকৈ এ চি !

ৰাইজক গৰমৰ বাবে গছৰ তলত বহিবলৈ কোৱা নেতাৰ গৃহত ২২টাকৈ এ চি !

ডিজিটেল ডেস্ক : ৰাজ্যত বিদ্যুতৰ বৰ্ধিত মাছুল এক বৃহৎ সমস্যা । এই সমস্যা আৰু গুৰুতৰ ৰূপত দেখা দিলে শেহতীয়াকৈ সংযোগ কৰা প্ৰিপেইড মিটাৰৰ পাছত । অভিযোগ অনুসৰি, পূৰ্বতে অহা বিদ্যুতৰ মাছুলতকৈ কেইবাগুণো বৃদ্ধি পালে প্ৰিপেইড মিটাৰৰ মাছুল । প্ৰথমে এইয়া মিটাৰৰ বিসংগতি বুলি খোদ মুখ্যমন্ত্ৰীয়েই কৈছিল যদিও পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত সমগ্ৰ বিষয়টোৱেই তল পৰিল । সময়ে সময়ে বিদ্যুতৰ মাছুল বৃদ্ধি হৈয়েই থাকিল । ৰ‍াইজৰ মূৰত মাধমাৰ শোধাই জুনৰ ১ তাৰিখেও বৃদ্ধি হৈছিল বিদ্যুতৰ মাছুল ।

বিধানসভাৰ মজিয়াত সমগ্ৰ বিষয়টি উত্থাপন কৰা হৈছিল যদিও কৌশলপূৰ্নভাৱে মন্ত্ৰীসকলে বিষয়টো এৰাই চলা পৰিলক্ষিত হ'ল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ৩০ পইচা প্ৰতি ইউনিট বৃদ্ধি হোৱা বুলি মন্তব্য দিলে । একে সময়তেই আন এক মন্তব্যই হে সমগ্ৰ ৰাজ্য তোলপাৰ লগাইছিল, সেই মন্তব্য আছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ।

অধ্যক্ষৰ মন্তব্য অনুসৰি, ৰাইজে গৰম আৰু বিদ্যুতৰ বৰ্ধিত মাছুলৰ পৰা পৰিত্ৰাণ পাবলৈ বৈদ্যুতি পাংখা অৰ্থাৎ ফেনৰ ব্যৱহাৰ কমাই গছৰ তলত বহা উচিত ।

বিধানসভাৰ অধ্যক্ষ গৰাকীৰ পৰা এনে ধৰণৰ অসংবেদনশীল মন্তব্য কোনেও আশা কৰা নাছিল কাহানিও । উল্লেখ্য যে, দৈমাৰী ইয়াৰ পূৰ্বে দুবাৰকৈ ৰাজ্যসভাৰো সদস্য আছিল । এক দীৰ্ঘকাল ধৰি ৰাইজৰ সেৱাৰ প্ৰতিশ্ৰুতিৰে ৰাজনীতিলৈ অহা নেতা এগৰাকীৰ এনে মন্তব্যই যেন পৰোক্ষভাৱে হ'লেও উপলুঙা কৰিছিল ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলক ।

এই মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছিল বিৰোধী দলসমূহ । অধ্যক্ষ গৰাকীৰ মন্তব্যক এক উপহাসলৈ ৰূপান্তৰ কৰি গছৰ তলত বহা আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰকাশ হৈছিল বহু কেইগৰাকী বিৰোধী নেতাৰ ।

তাৰ মাজতেই প্ৰকাশ হ'ল আন এক তথ্য । ৰাইজৰ গছৰ তলত বহিবলৈ উপদেশ দিয়া অধ্যক্ষৰ আৱাসত আছে ২২টাকৈ এ চি । পূজাস্থলীৰ পৰা আৰম্ভ কৰি নিৰাপত্তাৰক্ষীৰ আৱাসলৈ সকলোতেই এ চি । এ চি ৰুমত বহি জীৱন কটোৱা নেতা গৰাকীয়ে কিদৰে বুজিব ৰ'দৰ প্ৰকোপত ছাল পুৰি যোৱা খাটিখোৱা লোকৰ ক্ষোভ ?

কিন্তু একে সময়তেই প্ৰশ্ন হয়, চৰকাৰী নেতা-মন্ত্ৰীসকলৰ দৰমহাও কৰ পৰিশোধ কৰা ৰাইজৰেই ধনৰ এটা অংশ । তেনেস্থলত পৰোক্ষভাৱে ৰাইজৰ ধনেৰেই চলি থকা নাই নে সেই ২২ টা এ চি ? আনহাতে, যদিহে এই ২২টা এ চি চৰকাৰী আৱাসগৃহত সংযোগ আছে, তেন্তে বিদ্যুতৰ মাছুল চৰকাৰেই পৰিশোধ কৰিব । অৰ্থাৎ আকৌ ৰাইজৰ কৰ পৰিশোধ কৰা ধন ।

সকলোবোৰেই যেন এতিয়া কেৱল খেলি-মেলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in