আই এছ আই এছৰ ৪ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰঃ উত্তৰ প্ৰদেশৰ এটিএছৰ সফলতা...

আই এছ আই এছৰ ৪ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰঃ উত্তৰ প্ৰদেশৰ এটিএছৰ সফলতা...

author-image
Asomiya Pratidin
New Update
আই এছ আই এছৰ ৪ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰঃ উত্তৰ প্ৰদেশৰ এটিএছৰ সফলতা...

আই এছ আই এছৰ ৪ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰঃ উত্তৰ প্ৰদেশৰ এটিএছৰ সফলতা...

ডিজিটেল ডেস্কঃ সংন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিহত কৰিবৰ বাবে উত্তৰ প্ৰদেশ এ টি এছে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। সংস্থাটোৱে উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰিছে আই এছ আই এছৰ সৈতে জড়িত ৪ জনকৈ ব্যক্তিক।

Advertisment

এক বিবৃতিৰ জৰিয়তে সংস্থাটোৱে জনাইছে য, অভিযুক্ত ৪ সন্ত্ৰাসবাদীয়ে জিহাদেৰে দেশৰ নিৰ্বাচিত চৰকাৰ ভংগ কৰি শৰিয়ত আইন কাৰ্যকৰী কৰাৰ অপচেষ্টাত লিপ্ত আছিল।

উল্লেখ্য কিছু দিন পূৰ্বে এ টি এছে আব্দুল্লাহ আৰ্ছলান, মেজৰ বিন তাৰিক আৰু ৱাজিউদ্দিন নামৰ ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তোওঁলোকক সোধ-পোছ কৰাৰ পাছতে আই এছ আই এছৰ সৈতে সম্পৰ্কিত বহু কেইজন ব্যক্তিৰ বিৰুদ্ধে তথ্য লাভ কৰিছিল।

সেই তথ্যৰ আধাৰতে উত্তৰ প্ৰদেশ এ টি এছে ৰাকিব ইমাম, নাভেদ চিদ্দিকী, মহম্মদ নোমান আৰু মহম্মদ নাজিমক গ্ৰেপ্তাৰ কৰিছে। উত্তৰ প্ৰদেশ এ টি এছে দিয়া তথ্য অনুসৰি এই অভিযুক্তসকলে গোপনে অনলাইন প্লেটফৰ্মৰ জৰিয়তে সন্ত্ৰাসবাদী জিহাদৰ বাবে মানসিক শাৰীৰিকভাৱে বহুতকে প্ৰস্তুত কৰি আছিল।

এই লোকসকলে ৰাজ্যৰ লগতে দেশত এক ডাঙৰ ঘটনা সংঘটিত কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছিল। এই আটাইকেইজন লোক আলিড় মুছলিম বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ বৈঠকৰ জৰিয়তে ইজনে সিজনৰ সংস্পৰ্শলৈ আহিছিল। তাৰ পাছৰে পৰা তেওঁলোকে বিভিন্ন লোকক আই এছ আই এছৰ সৈতে জড়িত কৰাই আহিছিল।

Also Read: কাশ্মীৰৰ ডাল লেকৰ হাউচবোটত অগ্নিকাণ্ডঃ ৩ বাংলাদেশী পৰ্যটক অগ্নিদগ্ধ হৈ মৃত্যু...

উত্তৰ প্ৰদেশ