কাশ্মীৰৰ ডাল লেকৰ হাউচবোটত অগ্নিকাণ্ডঃ ৩ বাংলাদেশী পৰ্যটক অগ্নিদগ্ধ হৈ মৃত্যু...

কাশ্মীৰৰ ডাল লেকৰ হাউচবোটত অগ্নিকাণ্ডঃ ৩ বাংলাদেশী পৰ্যটক অগ্নিদগ্ধ হৈ মৃত্যু...
কাশ্মীৰৰ ডাল লেকৰ হাউচবোটত অগ্নিকাণ্ডঃ ৩ বাংলাদেশী পৰ্যটক অগ্নিদগ্ধ হৈ মৃত্যু...

ডিজিটেল ডেস্কঃ শ্ৰী নগৰৰ ডাল হ্ৰদৰ হাউচবোটত সংঘটিত হোৱা অগ্নিকাণ্ডত ৩ গৰাকীকৈ পৰ্যটকৰ মৃত্যু হৈছে। এই তিনিগৰাকী পৰ্যটক আছিল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ। তেওঁলোক কাশ্মীৰ ভ্ৰমণলৈ আহিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি শনিবাৰে পুৱা ডাল লেকৰ কেইবাখনো হাউচবোটত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু পৰৱৰ্তী সময়ত এই হাউচবোট কেইখন সম্পূৰ্ণৰূপে জ্বলি শেষ হয়।

ইয়াৰ মাজৰ পৰাই এই পৰ্যটক ৩ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি তিনিওজন বাংলাদেশী পৰ্যটক ছাফিনা নামৰ এখন হাউচবোটত আছিল। সেই হাউচবোটখনতো জুই লাগে।

অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জনোৱা অনুসৰি পুৱা ৫.১৫ বজাত ডাল হ্ৰদৰ ৯ নম্বৰ ঘাটৰ ওচৰত এন হাউচবোটত অগ্নিকাণ্ড হোৱাৰ খবৰ লাভ কৰে । তাৰ পাছত এই জুই আন আন হাউচবোটলৈও সম্প্ৰসাৰিত হয়।

ফলত অতি কমেও ৫ খন হাউচবোট জ্বলি শেষ হৈছে। আন কেইবাখনো হাউচবোট ক্ষতিগ্ৰস্ত হৈছে। এই অগ্নিকাণ্ডত কেইবা কোটি টকাও ক্ষতিগ্ৰস্ত হৈছে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই। এই সন্দৰ্ভত অব্যাহত আছে তদন্ত।

উল্লেখ্য যে, এই সময়ছোৱাত কাশ্মীৰত বহু সংখ্যক পৰ্যটকে ভিৰ কৰেহি। আৰক্ষীয়ে প্ৰকাশ কৰা মতে সময়মতে জুই নিৰ্বাপিত কৰিব নোৱাৰাহ'লে আৰুৱ অধিক ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ল হয়।

স্মৰ্তব্য যে, বিগত বছৰত শ্ৰীনগৰৰ নিগিন হ্ৰদতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। সেইবাৰ ৭ খন হাউচবোট জ্বলি শেষ হৈছিল।

কাশ্মীৰৰ ডাল লেকৰ হাউচবোটত অগ্নিকাণ্ডঃ ৩ বাংলাদেশী পৰ্যটক অগ্নিদগ্ধ হৈ মৃত্যু...
ৰংজুলিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত বাইক চালকঃ আহত এজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in