UPSC ৰ শীৰ্ষত ৪ মহিলাঃ 'TOP-25' ৰ ভিতৰত পুৰুষক চেৰাই মহিলাৰ আধিপত্য...

UPSC ৰ শীৰ্ষত ৪ মহিলা প্ৰাৰ্থীঃ 'TOP-25' ৰ ভিতৰত পুৰুষক চেৰাই মহিলাৰ আধিপত্য...
UPSC ৰ শীৰ্ষত ৪ মহিলা প্ৰাৰ্থীঃ 'TOP-25' ৰ ভিতৰত পুৰুষক চেৰাই মহিলাৰ আধিপত্য...

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ল ইউ পি এছ চিৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি শীৰ্ষ ৪ টা স্থানেই দখল কৰিলে মহিলা প্ৰাৰ্থীয়ে। বিগত বছৰো ইউ পি এছ চিৰ শীৰ্ষ স্থান দখল কৰিছিল এগৰাকী মহিলাই।

ঘোষিত ফলাফল অনুসৰি প্ৰথম স্থান অধিকাৰ কৰিছে ঈশিতা কিশোৰে। আনহাতে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰিছে ক্ৰমে, গৰিমা লোহিয়া, উমা হাৰথি আৰু স্মৃতি মিশ্ৰাই।

ইয়াৰে গৰিমা লোহিয়া আৰু স্মৃতি মিশ্ৰা দুয়ো দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। উমা হাৰথিয়ে এন আই টি হায়দৰাবাদৰ পৰা বি.টেক ডিগ্ৰী গ্ৰহণ কৰিছে। প্ৰথমস্থান অধিকাৰী ঈশিতা কিশোৰে দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী আহৰণ কৰিছে।

তেওঁ ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক বৈকল্পিক বিষয় হিচাপে লৈ ইউ পি এছ চি-২০২২ পৰীক্ষাত উত্তীৰ্ণ হৈছে। আনহাতে গৰিমা লোহিয়াই বাণিজ্য আৰু একাউণ্টিংক বৈকল্পিক বিষয় হিচাপে লৈ দ্বিতীয় স্থান লাভ কৰিছে।

ইউ পি এছ চিত দ্বিতীয়স্থান প্ৰপ্তিৰ পাছতে গৰিমা লোহিয়াই ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলাই থকাসকলক তেওঁৰ অভিজ্ঞতাৰ ফালৰ পৰা কয় যে, ফলাফলৰ বিষয়ে চিন্তা নকৰি কঠোৰ পৰিশ্ৰম কৰি যোৱা। তেওঁ এই কৃতিত্বৰ বাবে বন্ধু-বান্ধৱী, পৰিয়ালৰ সদস্য আৰু জ্যেষ্ঠসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

উল্লেখ্য যে এইবাৰ মুঠ ৯৩৩ জনে ইউ পি এছ চি ক্লিয়াৰ কৰিছে। এই ৯৩৩ গৰাকী উত্তীৰ্ণৰ ভিতৰত ৬১৩ গৰাকী পুৰুষ আৰু ৩২০ গৰাকী মহিলা।

মন কৰিবলগীয়া যে উত্তীৰ্ণৰ অধিকাংশই পুৰুষ হ’লেও শীৰ্ষ ২৫ জন উত্তীৰ্ণৰ ভিতৰত ১৪ গৰাকীয়েই মহিলা প্ৰাৰ্থী। মাত্ৰ ১১ জনহে পুৰুষ প্ৰাৰ্থী।পুৰুষৰ ভিতৰত শীৰ্ষ স্থান অধিকাৰ কৰিছে অসমৰ ময়ূৰ হাজৰিকাই। ময়ূৰে লাভ কৰিছে পঞ্চম স্থান।

UPSC ৰ শীৰ্ষত ৪ মহিলা প্ৰাৰ্থীঃ 'TOP-25' ৰ ভিতৰত পুৰুষক চেৰাই মহিলাৰ আধিপত্য...
UPSC ত পঞ্চম স্থান পোৱা ময়ূৰে ক'লে 'সুখী অনুভৱ কৰিছো': পিতৃয়ে ক'লে এয়া অসমৰ সাফল্য...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in