UPSC ত পঞ্চম স্থান পোৱা ময়ূৰে ক'লে 'সুখী অনুভৱ কৰিছো': পিতৃয়ে ক'লে এয়া অসমৰ সাফল্য...

UPSC ত পঞ্চম স্থান পোৱা ময়ূৰে ক'লে 'সুখী অনুভৱ কৰিছো': পিতৃয়ে ক'লে এয়া অসমৰ সাফল্য...

author-image
Asomiya Pratidin
New Update
UPSC ত পঞ্চম স্থান পোৱা ময়ূৰে ক'লে 'সুখী অনুভৱ কৰিছো': পিতৃয়ে ক'লে এয়া অসমৰ সাফল্য...

UPSC ত পঞ্চম স্থান পোৱা ময়ূৰে ক'লে 'সুখী অনুভৱ কৰিছো': পিতৃয়ে ক'লে এয়া অসমৰ সাফল্য...

ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ইতিহাস সৃষ্টি কৰি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হ'ল তেজপুৰৰ ময়ূৰ হাজৰিকাই।২০১৩ ত তেজপুৰস্থিত ডন বস্কো হাই স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰা ময়ূৰে সেইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিছিল ৰাজ্যৰ ভিতৰতে দশম স্থান।

Advertisment

ইয়াৰ পাছত উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিবলৈ ময়ূৰ গৈছিল নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজলৈ। ২০১৫ ত ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলতো তেওঁ ৰাজ্যৰ ভিতৰতে বিজ্ঞান শাখাত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পাছত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। গুৱাহাটী মেডিকেল কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি তেওঁ নগাওঁ জিলালৈ গৈ গ্ৰাম্য সেৱা সম্পন্ন কৰে আৰু ইউ পি এছ চিৰ প্ৰস্তুতি চলায়।

ময়ূৰ হাজৰিকাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে তেওঁ স্কুলীয়া শিক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাগ্ৰহণ কৰা দুয়োখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী তথা শিক্ষাগুৰুসকল। আজি ঘোষণা হোৱা ফলাফলৰ পাছতে ময়ূৰে কয়, ভালি লাগিছে ৰিজাল্ট পায়। সুখী অনুভৱ কৰিছো। ফলাফল ইমান ওপৰলৈ যাব বুলি আশা কৰা নাছিলো।

লগতে তেওঁ কয়, নিজৰ ইচ্ছা অনুসৰিয়েই তেওঁ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ৩ টা পৰ্যায়ত অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ বাবে তেওঁ পৰ্যায় অনুসৰি প্ৰস্তুতি চলোৱাৰ কথাও ক'লে।

প্ৰাৰম্ভিক পৰীক্ষাৰ পাছত লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰৰ বাবে প্ৰস্তুতি ভিন ভিন হোৱাৰ কথা উল্লেখ কৰি তেওঁ ইয়াৰ বাবে প্ৰয়োজন অনুসৰি ইণ্টাৰনেটৰ সহায় লোৱাৰ কথাও উল্লেখ কৰিলে। তেওঁ ক'লে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ইণ্টাৰনেটত সকলো উপলব্ধ। লগতে তেওঁ নতুন প্ৰজন্মৰ যিসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰে তেওঁলোকক উদ্দেশ্য কৰি কয় এই পৰীক্ষাত সফলতা পাবলৈ কষ্ট কৰিবই লাগিব।

তাৰ মাজতে ময়ূৰ হাজৰিকাৰ পিতৃ কৃষ্ণ হাজৰিকাই নিজৰ সন্তানৰ এই সাফল্যত উৎফুল্লিত হৈ কয়, ময়ূৰে প্ৰথম প্ৰচেষ্টাতে এই সফলতা লাভ কৰিছে। এয়া আমাৰ বাবে সৌভাগ্যৰ কথা। অৱশ্যে ময়ূৰে এইদৰে শীৰ্ষ ৫ টা স্থানৰ ভিতৰত স্থান লাভ কৰিব বুলি সপোনতো ভবা নাছিল। আমি সকলো সুখী।

লগতে তেওঁ এয়া অসমৰ বাবেও এক সাফল্য বুলি উল্লেখ কৰে। কিয়নো ইয়াৰ পূৰ্বে এইদৰে শীৰ্ষ ৫ টা স্থানৰ ভিতৰত কোনো অসমীয়াই স্থান লাভ কৰা নাছিল।

উল্লেখ্য যে, ইউ পি এছ চিৰ পৰীক্ষাত অসমে সৰ্বাধিক অষ্টাদশ স্থান লাভ কৰিছিল। পৱন বৰঠাকুৰে লাভ কৰিছিল দেশৰ ভিতৰতে অষ্টাদশ স্থান। ইউ পি এছ চিত এয়াই অসমৰ সৰ্বোচ্চ স্থান আছিল।

ইউ পি এছ চি ময়ূৰ হাজৰিকা