UPSCৰ ফলাফল ঘোষণাঃ শীৰ্ষত উজ্বলিল আদিত্য শ্ৰীবাস্তৱ

UPSCৰ ফলাফল ঘোষণাঃ শীৰ্ষত উজ্বলিল আদিত্য শ্ৰীবাস্তৱ

ডিজিটেল ডেস্কঃ ঘোষণা হ'ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। ২০২৩ বৰ্ষত অনুষ্ঠিত হোৱা ইউপিএছচি পৰীক্ষাত মুঠ ১০১৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। UPSC ৰ ৱেবচাইটত ঘোষণা কৰা হৈছে ফলাফলসমূহ ।

এইবাৰ ইউপিএছচি চূড়ান্ত পৰীক্ষাত আদিত্য শ্ৰীবাস্তৱে শীৰ্ষ স্থান লাভ কৰিছে। দ্বিতীয় স্থানত আছে অনিমেশ প্ৰধান আৰু তৃতীয় স্থানত ডনুৰু অনন্যা ৰেড্ডী ।

২০২৩ চনৰ ছেপ্টেম্বৰত ইউপিএছচিৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। লিখিত পৰীক্ষাৰ অনন্ত জানুৱাৰীৰ পৰা এপ্ৰিল, ২০২৪ লৈ অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি উত্তীৰ্ণ হোৱা ১০১৬ জনীয়া তালিকা প্ৰকাশ কৰা হৈছে। এই তালিকাত আছে- ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বৈদেশিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু কেন্দ্ৰীয় সেৱা, গোট 'এ' আৰু গোট 'বি'।

চি.এছ.ই. (মেইনচ) ১৫ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল।

উল্লেখ্য যে, এইবাৰ ইউপিএছচিত অসমৰ ৫ গৰাকীকৈ পৰীক্ষাৰ্থীয়ে সাফল্য লাভ কৰিছে। ১৭২ সংখ্যক স্থান লাভ অসমৰ অভিজ্ঞান হাজৰিকাৰ, ৰিকি লহকৰ প্রধানে লাভ কৰিছে ২৩০ সংখ্যক স্থান, ৫৫২ সংখ্যক স্থান লাভ কৰিছে ভাস্বত শইকীয়া, ৯৯২ সংখ্যক স্থান লাভ কৰিছে কল্লোল হাজৰিকা আৰু ৩২০ নম্বৰ স্থান লাভ ইশ্বৰী ডেকাৰ।

UPSCৰ ফলাফল ঘোষণাঃ শীৰ্ষত উজ্বলিল আদিত্য শ্ৰীবাস্তৱ
তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দা গছতঃ নিহত ৪ জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in