তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দা গছতঃ নিহত ৪ জন

তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দা গছতঃ নিহত ৪ জন

ডিজিটেল ডেস্কঃ ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে নিশা গৌৰীপুৰৰ বলদ মাৰাত সংঘটিত হয় এই পথ  দুৰ্ঘটনা। বঙাইগাঁৱৰ পৰা ধুবুৰী অভিমুখে আহি থকা অৱস্থাত AS 01 BP 1557 নম্বৰৰ বাহনখনে  প্ৰচণ্ড জোৰে  খুন্দা মাৰে গছত।

যাৰ ফলত থিতাতে মৃত্যু হয় ৪ জনৰ। দুৰ্ঘটনাটোত  মৃত্যু হোৱা কেইজনঃ সাহিল আহমেদ, সাহিদ আহমেদ,নুৰ আমিন আৰু এগৰাকী মহিলা। ইয়াৰে সাহিল আৰু সাহিদৰ ঘৰ ধুবুৰীৰ বিদ্যাপাৰা অঞ্চলত আৰু নুৰ আমিনৰ ঘৰ ধুবুৰীৰ বিঅচিত। মহিলা গৰাকী এতিয়াও চিনাক্ত হোৱা নাই।

ধুবুৰীত অশোকা অষ্টমীৰ মেলাত ''মৌত কি কুৱা''ৰ বাইক ৰাইডিঙৰ শ্বোত  ভাগ লোৱাৰ কথা আছিল মহিলাগৰাকীৰ। বৰ্তমান চাৰিওজনৰ মৃতদেহ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দা গছতঃ নিহত ৪ জন
অসমলৈ প্ৰধানমন্ত্ৰীঃ কেইবাটাও পথৰে ১৭নং ৰাষ্ট্রীয় ঘাইপথলৈ যোৱাত নিষেধাজ্ঞা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in