''মোৰ সপোন পূৰণ হ'ল'' ২ বাৰ বিফলতাৰ পাছত UPSCত প্ৰথম হ'ল ঈশিতা কিশোৰ

''মোৰ সপোন পূৰণ হ'ল'' ২ বাৰ বিফলতাৰ পাছত UPSCত প্ৰথম হ'ল ঈশিতা কিশোৰ

ডিজিটেল ডেস্কঃ বিফলতা সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। এই কথা পুনৰবাৰ প্ৰমাণ কৰিলে ইউ পি এছ চিত প্ৰথম স্থান লাভ কৰা ঈশিতাই। দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰীৰাম কলেজৰ পৰা স্নাতক লাভ কৰা ঈশিতা কিশোৰে প্ৰথম দুবাৰ বিফলতা লাভ কৰাৰ পাছত সফলতা লাভ কৰে ইপিএছচিত। উল্লেখ্য যে, ঈশিতাই প্ৰথম দুবাৰ UPSCৰ প্ৰাৰম্ভিক পৰীক্ষাতো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

এইবাৰৰ পৰীক্ষাত প্ৰথম ৪টা স্থানেই মহিলাৰ দখলত। ফলাফল অনুসৰি শীৰ্ষ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ১৪ গৰাকী মহিলা আৰু ১১ জন পুৰুষ । প্ৰথম ৪ টা স্থান দখল কৰে ক্ৰমে-ঈশিতা কিশোৰ, গৰিমা লোহিয়া, উমা হাৰথি আৰু স্মৃতি মিশ্ৰাই।

অৰ্থনীতি বিভাগত স্নাতক লাভ কৰা ঈশিতা পৰৱৰ্তী সময়ত প্ৰশাসনিক ক্ষেত্ৰত সেৱা আগবঢ়াব বিচাৰে। ঈশিতাই কয় যে তেওঁ উত্তীৰ্ণ হ'ব বুলি বিশ্বাসী আছিল কিন্তু স্থান লাভে তেওঁক আচৰিত কৰি তুলিছে।

তেওঁ কয় যে, পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে তেওঁ প্ৰতিদিনে ৯ ঘন্টাকৈ অধ্যয়ন কৰিছিল। ঈশিতাৰ পিতৃ বায়ু সেনাত কৰ্মৰত, মাতৃ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু ভাতৃ এজন অধিবক্তা।


''মোৰ সপোন পূৰণ হ'ল'' ২ বাৰ বিফলতাৰ পাছত UPSCত প্ৰথম হ'ল ঈশিতা কিশোৰ
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ ঈশিতাই UPSC ত লাভ কৰিলে প্ৰথম স্থান
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in