ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ ঈশিতাই UPSC ত লাভ কৰিলে প্ৰথম স্থান

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ ঈশিতাই UPSC ত লাভ কৰিলে প্ৰথম স্থান

ডিজিটেল ডেস্কঃ মঙলবাৰে ঘোষণা হোৱা সৰ্বভাৰতীয় লোকসেৱা পৰীক্ষাৰ ফলাফলৰ প্ৰথম ৪ গৰাকীয়েই মহিলা। আজি ঘোষণা হোৱা ফলাফল অনুসৰি ইউ পি এছ পিত প্ৰথম স্থান লাভ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰীৰাম কলেজৰ পৰা স্নাতক লাভ কৰা ইশিতা কিশোৰে।

তেওঁ কয় যে, ইউ পি এছ চিত প্ৰথম স্থান লাভ কৰাতো এটা সপোন পূৰণ হোৱাৰ দৰে। এগৰাকী আইএএছ বিষয়া হোৱাৰ পিছত মহিলা সৱলীকৰণৰ ওপৰত তেওঁ কাম কৰিব বুলি কয়। ২৬ বছৰীয়া ঈশিতা কিশোৰে তেওঁৰ তৃতীয়বাৰ প্ৰচেষ্টাৰ অন্তত সফলতা লাভ কৰে।

তেওঁ কয় যে, পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে তেওঁ প্ৰতিদিনে ৯ ঘন্টাকৈ অধ্যয়ন কৰিছিল। ঈশিতাৰ পিতৃ বায়ু সেনাত কৰ্মৰত, মাতৃ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু ভাতৃ এজন অধিবক্তা।

ঈশিতা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ। ভাৰতীয় প্ৰশাসনিক সেৱাত তেওঁ নিয়োজিত হৈ মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব দিব বিচাৰে। তেওঁ কয় যে,"মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ। মই ২০১২ চনত চুব্ৰোটো কাপ ফুটবল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ ঈশিতাই UPSC ত লাভ কৰিলে প্ৰথম স্থান
গুৱাহাটীক প্ৰাণ ভৰি ভালপোৱা বিশিষ্ট সমাজকৰ্মী ধীৰেণ বৰুৱা আৰু নাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in