আৰ্থিক সংকট! সন্তানত বিহ পান কৰোৱাই ৭ সন্তানৰ পিতৃয়ে ল'লে চৰম সিদ্ধান্ত ...

দেশত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে আত্মহত্যা কৰে। ইয়াৰ কাৰণ কেতিয়াবা হয় প্ৰেমজনিত, কেতিয়াবা আৰ্থিক কাৰণ বা কেতিয়াবা অন্য কাৰণত।

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

CRIME

ডিজিটেল ডেস্কঃ দেশত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে আত্মহত্যা কৰে। ইয়াৰ কাৰণ কেতিয়াবা হয় প্ৰেমজনিত, কেতিয়াবা আৰ্থিক কাৰণ বা কেতিয়াবা অন্য কাৰণত। আৰ্থিক অনাতনৰ সন্মুখীন হোৱা এটা পৰিয়ালত সংঘটিত হয় এক শোকাবহ ঘটনা।

Advertisment

উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাত এজন লোকে নিজৰ দুই নাবালিক সন্তানত বিহ পান কৰোৱাই আৰু পৰৱৰ্তী পৰ্যায়ত নিজেও বিহ পান কৰি আত্মহত্যা কৰে।ইয়াৰ ফলত এগৰাকী কিশোৰীৰ লগতে লোক জনৰ মৃত্যু হয়।

আৰক্ষীয়ে জনাই যে শুকুৰবাৰে ছলীম (৫৩) ১০ বছৰীয়া পুত্ৰ ৮ বছৰীয়া কন্যাৰ লগত ঘৰতে আছিল আৰু পত্নী ওলাই গৈছিল। শনিবাৰে ছলীমৰ পত্নীয়ে কয় যে তেওঁ স্বামীয়ে আত্মহত্যা কৰিছে।

ঘটনাৰ পাছত তেওঁলোকক হস্পাতাললৈ লৈ যোৱা হৈছিল যদিও দুজনৰ মৃত্যু হয়। আনহাতে আন এটি সন্তানৰ অৱস্থা গুৰুতৰ। মঙলবাৰে আৰক্ষীয়ে জনাই এই কথা।

৭ সন্তানৰ পিতৃ-মাতৃয়ে আৰ্থিক সংকটত ভুগি আছিল। তেওঁলোকৰ এটা সন্তান দীৰ্ঘদিন ধৰি কোনো বেমাৰত আক্ৰান্ত হৈ আছিল। যাৰ বাবে ছলীমে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: মহানগৰীত ভয়ংকৰ ঘটনাঃ ছুৰীৰে আঘাত ষ্টাৰবাক্সৰ মেনেজাৰক