দলিত সম্প্ৰদায়ৰ মহিলাক ধৰ্ষণ কৰি হত্যা! টুকুৰা-টুকুৰ কৰিলে মৃতদেহ, অভিযুক্ত পলাতক

দলিত সম্প্ৰদায়ৰ মহিলাক ধৰ্ষণ কৰি হত্যা! টুকুৰা-টুকুৰ কৰিলে মৃতদেহ, অভিযুক্ত পলাতক

author-image
Asomiya Pratidin
New Update
নেত্ৰহীন বিদ্যালয়ৰ অধ্যক্ষসহ ৩ জনক গ্ৰেপ্তাৰ, ১০ বছৰ ধৰি ধৰ্ষণ নাবালিকাক

ডিজিটেল ডেস্কঃ এক নৃশংস ধৰ্ষণ-হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। ৪০ বছৰীয়া এগৰাকী দলিত সম্প্ৰদায়ৰ মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ বান্দা গাঁৱত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে আৰক্ষীয়ে জনাই এই কথা।

Advertisment

আৰক্ষীয়ে জনোৱা অনুসৰি মহিলা গৰাকী মঙলবাৰে অভিযুক্ত ৰাজকুমাৰ শুক্লাৰ ঘৰলৈ আটা বনোৱা মেছিন ছাফা কৰিবলৈ গৈছিল। অলপ পাছত যেতিয়া মহিলাগৰাকীৰ কন্যা সেই ঘৰটোলৈ গৈছিল তেতিয়া বন্ধ কোঠাৰ ভিতৰৰ পৰা মাতৃৰ চিঞৰ শুনিবলৈ পাইছিল।

তাৰ কিছু সময় পাছতে যুৱতীগৰাকীয়ে কোঠাৰ দুৱাৰখন খোলা দেখিছিল আৰু ভিতৰত মাতৃৰ মৃতদেহ ৩ টুকুৰাকৈ কাটি থোৱা দেখা পাইছিল। লগে লগে তেওঁ আৰক্ষীক খবৰ দিছিল।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উদ্ধাৰ হৈ মৃতদেহ উদ্ধাৰ কৰিছিল আৰু ৰাজকুমাৰ শুক্লা, তেওঁৰ ভাতৃ বাউৱা শুক্লা আৰু ৰামকৃষ্ণ শুক্লাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। আটাইকেইজন অভিযুক্ত পলাতক অৱস্থাত আছে। এতিয়ালৈকে আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

এই ঘটনাৰ পাছতে সমাজবাদী পাৰ্টীৰ নেতা অখিলেখ যাদৱে ৰাজ্য চৰকাৰক আক্ৰমণ কৰি লয়। ছচিয়েল মিডিয়াত তেওঁ লিখে যে, বান্দাত এগৰাকী দলিতক ধৰ্ষণ আৰু জঘন্য হত্যাৰ বাতৰিটো হৃদয়বিদাৰক। উত্তৰ প্ৰদেশৰ মহিলাসকল ভয় খাইছে আৰু ক্ষোভিতও হৈ পৰিছে। লগতে কয় যে, উত্তৰ প্ৰদেশৰ মহিলাসকলে বিজেপি চৰকাৰৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস হেৰুৱাইছে। এতিয়া এই চৰকাৰৰ পৰা যিকোনো প্ৰত্যাশা অৰ্থহীন।

Also Read: নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানৰ ২৫ স্থানত ইডিৰ তালাচী...

uttar pradesh