নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানৰ ২৫ স্থানত ইডিৰ তালাচী...

নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানৰ ২৫ স্থানত ইডিৰ তালাচী...

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন স্থানত ইডিয়ে চলাই গৈছে তালাচী। ইয়াৰ মাজতে শুকুৰবাৰে ইডিয়ে ৰাজস্থানৰ ২৫ টাকৈ স্থানত তালাচী চলায়। জানিব পৰা মতে জল জীৱন মিছন কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত ইডিৰ এই অভিযান চলিছে।

ইডিয়ে ৰাজ্যখনৰ জয়পুৰ আৰু দৌচাৰ ২৫তাকতৈ অধিক স্থানত তালাচী চলায়। তালাচী চলোৱা সকলৰ ভিতৰত আছে পিএইচই বিভাগৰ অতিৰিক্ত মুখ্য সচিব সুবোধ আগৰৱালা ।

ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত ইডিয়ে অভিযান চলাইছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে কেন্দ্ৰ চৰকাৰ আৰু ইডিক লক্ষ্য কৰি অভিযোগ কৰি কৈছিল যে বিৰোধিক ভয় খুৱাবলৈ এই অভিযান চলিছে। নিৰ্বাচনৰ পূৰ্বে বিৰোধিক যাতে দুৰ্বল কৰিব পাৰে তাৰ বাবে চৰকাৰে এই সংস্থা সমূহ অপব্যৱহাৰ কৰি আছে।

কেইদিনমান পূৰ্বে ইডিয়ে ৰাজস্থান কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দোতাচৰাৰ পুত্ৰসকলক এক গোচৰত সোধা-পোছাৰ বাবে চমন জাৰি কৰিছিল। লগতে প্ৰাক্তন শিক্ষা মন্ত্ৰীগৰাকীৰ সৈতে সম্পৰ্কিত কেইবাটাও ঠাইত অভিযান চলাইছিল। ইয়াৰোপৰি আন কেইবাগৰাকী বিধায়কৰ ঘৰত ইডিয়ে তালাচী চলাইছিল।

উল্লেখ্য যে, ৰাজস্থানত ২৫ নৱেম্বৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। আনহাতে ফলাফল ঘোষণা হ'ব ৩ ডিচেম্বৰত। ৰাজস্থানৰ উপৰি দেশৰ আন ৪ খন ৰাজ্যত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে নিৰ্বাচনৰ পূৰ্বে এয়া শাসকীয় পক্ষৰ ষড়যন্ত্ৰ বুলি অভিযোগ তুলিছে বিৰোধিয়ে।

নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানৰ ২৫ স্থানত ইডিৰ তালাচী...
গাঁৱৰ মানুহে পিয়াজ খাব নালাগে নেকি?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in