ভাৰতীয় সেনাৰ তথ্য ISI ক যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন...

পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ এজন। মঙলবাৰে উত্তৰ প্ৰদেশৰ এটিএছে গ্ৰেপ্তাৰ কৰে লোকজনক।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় সেনাৰ তথ্য ISI ক যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন...

ডিজিটেল ডেস্কঃ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ এজন। মঙলবাৰে উত্তৰ প্ৰদেশৰ এটিএছে গ্ৰেপ্তাৰ কৰে লোকজনক।

Advertisment

লক্ষ্ণৌত জাৰি কৰা এক চৰকাৰী বিবৃতি অনুসৰি কাচগঞ্জৰ বাসিন্দা শৈলেশ কুমাৰ সিং ওৰফে শৈলেন্দ্ৰ সিং চৌহানে ভাৰতীয় সেনাৰ অস্থায়ী কৰ্মচাৰী হিচাপে প্ৰায় ১০ মাহ কাম কৰিছিল। শৈলেশে সেনাৰ বাহনৰ অৱস্থান তথা বিভিন্ন তথ্য তথা ফটো যোগান ধৰিছিল আইএছআইক।

সিঙক প্ৰথমে এটিএছৰ মুখ্য কাৰ্যালয়লৈ সোধা পোছাৰ বাবে মাতি অনা হয় আৰু তাতেই তেওঁক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত আদালতত হাজিৰ কৰোৱা হ'ব অভিযুক্তক। এটিএছ বিষয়াই কোৱা মতে সিঙে হোৱাটছএপ আৰু ফেচবুকৰ জৰিয়তে সেনা সম্পৰ্কীয় তথ্য শ্বেয়াৰ কৰিছিল।

তদুপৰি সিঙৰ বৰ্তমান ভাৰতীয় সেনাৰ লগত কোনো সম্পৰ্ক নাই যদিও সামাজিক মাধ্যমত তেওঁ নিজকে সেনাৰ বিষয়া বুলি উল্লেখ কৰি ৰাখিছে। সিঙে ফেচবুকৰ জৰিয়তে আইএছআইৰ সৈতে কাম কৰা হাৰলীন কৌৰ নামৰ এগৰাকী মহিলাৰ লগত যোগাযোগত আছিল। ইয়াৰোপৰি আইএছআইৰ লগত জড়িত অন্য লোকৰ সৈতেও কথা পাতিছিল সিঙে।

Also Read: অহা নিৰ্বাচনত কংগ্ৰেছ চাফা হৈ যাবঃ মন্ত্ৰী পীযুষ হাজৰীকা

uttar pradesh