অহা নিৰ্বাচনত কংগ্ৰেছ চাফা হৈ যাবঃ মন্ত্ৰী পীযুষ হাজৰীকা

কংগ্ৰেছক উৎখাত কৰিম বা কংগ্ৰেছক চাফা কৰি দিম বুলি মই সিদিনা অলপ ভুলকৈহে কৈছিলো। আচলতে কংগ্ৰেছ চাফা হৈয়ে আছে

author-image
Asomiya Pratidin
New Update
অহা নিৰ্বাচনত কংগ্ৰেছ চাফা হৈ যাবঃ মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ কংগ্ৰেছক উৎখাত কৰিম বা কংগ্ৰেছক চাফা কৰি দিম বুলি মই সিদিনা অলপ ভুলকৈহে কৈছিলো। আচলতে কংগ্ৰেছ চাফা হৈয়ে আছে- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। সংবাদ মাধ্যমৰ আগত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মই সিদিনা অলপ ভুলকৈহে কৈছিলো, মই অহংকাৰ কৰা নাই। মই কংগ্ৰেছক চাফা কৰিম বুলি কৈছিলো, কিন্তু ইতিমধ্যে কংগ্ৰেছ চাফা হৈয়ে আছে।

Advertisment

কলিয়াবৰৰ পৰা একেবাৰে শদিয়ালৈকে কৰবাত দুজনক বাদ দি কংগ্ৰেছৰ বিধায়ক আছে নেকি? ইফালে নলবাৰীৰ পৰা জোনাইলৈকে এজনক বাদ দি ক’ৰবাত আছে নেকি? সমগ্ৰ উজনি অসমখনত মাত্ৰ তিনিজন কংগ্ৰেছৰ বিধায়ক আছে, দুয়ো পাৰে কংগ্ৰেছৰ তিনিজন বিধায়ক আছে। পাহাৰততো নাইয়েই।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছ অকল সংখ্যালঘু বসতিপ্ৰধান অঞ্চলতহে আছে। সংখ্যালঘূ বিধায়ক হিচাপে, নহয়তো সংখ্যালঘূৰ ভোটেৰে জিকিব পৰা তেওঁলোকৰ বিধায়ক আছে। তেওঁলোকতো ক’তো নাইয়েই, গতিকে মই ভুলকৈহে কৈছিলো চাফা কৰি দিম বুলি। ইয়াৰ বাবে মই ক্ষমা বিচাৰিছো। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে আমি চাফা কৰিব লগা নাইয়েই, কংগ্ৰেছ অলৰেডী চাফা হৈ আছে, আৰু অহা নিৰ্বাচনত কংগ্ৰেছ আৰু চাফা হৈ যাব।

Also Read: দুই কিশোৰৰ নৃশংস হত্যাঃ ইন্টাৰনেট সেৱাত পুনৰ নিষেধাজ্ঞা মণিপুৰত

pijus hazarika congress