চিতা বাঘৰ অকাল মৃত্যু : সহজভাৱে লোৱা নাই উচ্চতম ন্যায়ালয়ে

চিতা বাঘৰ অকাল মৃত্যু : সহজভাৱে লোৱা নাই উচ্চতম ন্যায়ালয়ে

ডিজিটেল ডেস্ক : দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ পৰা ভাৰতৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা চিতা বাঘৰ মৃত্যু। মধ্যপ্ৰদেশস্থিত কুনো ৰাষ্ট্ৰীয় উদ্যানৰ ৮ টা চিতা বাঘৰ মৃত্যুকলৈ চিন্তিত উচ্চতম ন্যায়ালয়। সম্প্ৰতি উদ্যানখনত আছে ২০টা চিতা বাঘ,ইয়াৰে ৮টাকৈ চিতাৰ অকাল মৃত্যুক সহজভাৱে ল'ব পৰা নাই উচ্চতম ন্যায়ালয়ে। সেয়ে উচ্চতম ন্যায়ালয়ে চিতা বাঘকেইটিৰ অকাল মৃত্যুৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰশ্ন তুলিছে।

উল্লেখযোগ্য যে এই চিতা বাঘ কেইটা দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ পৰা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল। বাঘকেইটাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ উপৰিও উচ্চতম ন্যায়ালয়ে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে এক নিৰ্দেশনা।

ন্যায়াধীশ বি আৰ গাভাই, জে বি পাৰ্দিৱালা আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে চিতা- বাঘকেইটিৰ অকাল মৃত্যুৰ পাচত বাকী থকা চিতা বাঘ কেইটিৰ অনাগত সময়ৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰতিকাৰৰ ব্যৱস্থা ল'বৰ বাবে আহ্বান জনায়। ইয়াৰোপৰি চিতা বাঘৰ সু-ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰক নিৰ্দেশ দিয়ে।

অৱশ্যে জলবায়ু,উষ্ণতা এইধৰণৰ কাৰকৰ বাবেও চিতা বাঘ কেইটিৰ মৃত্যুৰ কাৰণ হ'ব পাৰে বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে। বাকী থকা বাঘ কেইকেইটিক জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনত আন ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰাৰ বাবও ন্যায়ালয়ে আহ্বান জনায়।

চিতা বাঘৰ অকাল মৃত্যু : সহজভাৱে লোৱা নাই উচ্চতম ন্যায়ালয়ে
মণিপুৰ কাণ্ডৰ অন্যতম অভিযুক্ত হুইৰেম হেৰোডাছ মেইটেইৰ ঘৰ জ্বলাই দিলে একাংশ উত্তেজিত মহিলাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in