'সৰ্বশ্ৰেষ্ঠ ৪৫ মিনিট' প্ৰধানমন্ত্ৰীৰ লগত কি কথা পাতিলে অভিনেতা গৰাকীয়ে...

'সৰ্বশ্ৰেষ্ঠ ৪৫ মিনিট' প্ৰধানমন্ত্ৰীৰ লগত কি কথা পাতিলে অভিনেতা গৰাকীয়ে...

ডিজিটেল ডেস্কঃ মালায়ালম চলচ্চিত্ৰ অভিনেতা উন্নি মুকুন্দনে সোমবাৰে কোচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। ছবি 'মলিকপ্পুৰম'ৰ অভিনেতা মুকুন্দনে কয় যে কৈশোৰ অৱস্থাৰ পৰাই তেওঁৰ মোডীক সাক্ষাৎ কৰি গুজৰাটীত কথা পাতাৰ ইচ্ছা আছিল। তেওঁ২০ বছৰতকৈ অধিক সময় গুজৰাটত আছিল।

৩৫ বছৰীয়া অভিনেতাজনে ছ'চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কেইখনমান ফটো শ্বেয়াৰ কৰে আৰু ইয়াক তেওঁৰ "সবাতোকৈ শ্ৰেষ্ঠ পোষ্ট" বুলি অভিহিত কৰে। তেওঁ লিখে, "ধন্যবাদ ছাৰ! ১৪ বছৰ বয়সৰ পৰাই আপোনাক দূৰৰ পৰা দেখি আৰু এতিয়া আপোনাক লগ পাই বহুত সুখী। ''

তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁক "কেম ছো ভাই লা" বুলি সম্বোধন কৰিছিল। তেতিয়াই অভিনেতা গৰাকীয়ে কৈছিল যে "আপোনাৰ 'কেম চো ভাই লা'য়ে মোক আনন্দিত কৰিছে। আপোনাক লগ পোৱা আৰু গুজৰাটীত কথা পতাটো মোৰ সপোন আছিল। এই সপোন পূৰণ হ'ল। আপোনাক লগ পোৱাৰ ৪৫ মিনিট মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ৪৫ মিনিট।

লগতে কয় যে প্ৰধানমন্ত্ৰীৰ লগত পতা প্ৰতিটো কথা তেওঁৰ সদায়েই মনত থাকিব। সেয়া তেওঁ পাহৰিব নোৱাৰে।

'সৰ্বশ্ৰেষ্ঠ ৪৫ মিনিট' প্ৰধানমন্ত্ৰীৰ লগত কি কথা পাতিলে অভিনেতা গৰাকীয়ে...
কন্যাৰ ঘৰলৈ গৈ তিনিদিনে সন্ধানহীন ৬৫ বছৰীয়া এগৰাকী বৃদ্ধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in