/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/46462a41-405c-40f3-9c61-da839e87d52e/missing.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ যোৱা দেওবাৰৰ দিনা নিজ কন্যাৰ ঘৰলৈ বুলি ওলাই গৈছিল ৬৫ বছৰীয়া আকাশ আলি । তেতিয়াৰে পৰা তিনিদিন নিৰুদ্দেশ হৈ আছে আকাশ আলি ।
লালেটাপু গাঁৱৰ আকাশ আলিয়ে তেজপুৰ দোলাবাৰীত থকা নিজ কন্যাৰ ঘৰলৈ যাও বুলি ঘৰৰ পৰা ওলাই গৈ আজি পৰ্য্যন্ত নিৰূদ্দেশ হৈ থকাত পৰিয়ালবৰ্গ চিন্তিত হৈ পৰিছে ।
পৰিয়ালৰ লোক সকলে দোলাবাৰীৰ লগতে ওছৰ চুবুৰীয়া সকলোতে বিচাৰ খোচাৰ কৰি নোপোৱাত উপায়হীন হৈ পৰিছে । ব্যক্তিজনৰ নিৰুদ্দেশ সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে।
জানিব পৰা অনুসৰি আকাশ আলি এজন মুক বধিৰ লোক। কোনো সদাশয় ব্যক্তিয়ে বৃদ্ধ গৰাকীৰ সম্ভেদ পালে ৬০০০১৭৯৬৯৮ নম্বৰত যোগাযোগ কৰি পৰিয়ালৰ লোকক জনাবলৈ আহ্বান জনাইছে আত্মীয়লোকে।
Also Read: উৎফুল্লিত ৰাজ্যবাসী : সাদিন-প্ৰতিদিন গোষ্ঠীলৈ শুভেচ্ছাৰ বৰষুণ...