৪.৬৬ লাখ কোটি টকাৰ লোকচান কেন্দ্ৰীয় প্ৰকল্প সমূহত...

৪.৬৬ লাখ কোটি টকাৰ লোকচান কেন্দ্ৰীয় প্ৰকল্প সমূহত...

কেন্দ্ৰীয় পৰিসংখ্যা-আচঁনি ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনে উন্মোচন কৰামতে পৰিবহণ-ৰাজপথ খণ্ডৰ ২৬২টা, ৰে'লৱেৰ ১১৫টা, পেট্ৰ'লিয়াম খণ্ডৰ ৮৯টা প্ৰকল্পত অহেতুক বিলম্ব : অসমত ৰূপায়ণত বিলম্ব ঘটা ৫২টা প্ৰকল্পৰ ভিতৰত বঙাইগাঁও-গোৱালপাৰা-গুৱাহাটী ডাবল ব্ৰডগজ লাইন, ডিমৌ-মৰাণ, জাঁজী-ডিমৌ ৰাষ্ট্ৰীয় পথৰ সম্প্ৰসাৰণ

ডিজিটেল ডেস্ক : ড০ মনমোহন সিঙৰ ইউ পি এ আমোলৰ দৰে শেহতীয়াকৈ এন ডি এৰ মোডী আমোলতো বহু কেন্দ্ৰীয় প্ৰকল্প ৰূপায়ণত অযথা বিলম্ব হোৱাৰ তথ্য প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰ্যালয়ৰ শেহতীয়া প্ৰতিবেদনত । কেন্দ্ৰীয় চৰকাৰৰ তথ্যমতেই ১,৫১৪ টা কেন্দ্ৰীয় প্ৰকল্পৰ ৫১ শতাংশ প্ৰকল্প ৰূপায়ণত বিল্ব হৈছে, যাৰ বাবে দেশৰ লোকচান হৈছে ৪.৬৬ লাখ কোটি টকা । এই ধন মূল ব্যয়ৰ ২১.৯৯ শতাংশ । এইয়া হৈছে ১,৫১৪টা প্ৰকল্পৰ নিৰ্ধাৰিত ব্যয় । আনহাতে, ৫২৩টা প্ৰকল্পৰ কমিছনিঙৰ বৰ্ষ বা সম্পূৰ্ণ হ'ব পৰা বছৰৰ তথ্যও নাই কেন্দ্ৰৰ হাতত ।

মূলত : পৰিৱেশ মন্ত্ৰ্যালয়ৰ সেউজ সংকেত নোপোৱাৰ বাবেই এই প্ৰকল্পসমূহ ৰূপায়ণত বিলম্ব হোৱা বুলি কোৱা হৈছে । বহু ক্ষেত্ৰত ৰাজ্যসমূহৰ আইন-শৃংখলা সমস্যাও এই বিলম্বৰ কাৰণ, তদুপৰি কোৰোনা সৃষ্ট লকডাউনৰ বাবেও বহু প্ৰকল্প ৰূপায়ণত আহি পৰিছিল জটিলতা ।

বিলম্বিত ১,৫১৪টা প্ৰকল্পৰ ভিতৰত আছে অসমৰ ৫২টা কেন্দ্ৰীয় প্ৰকল্প । এই প্ৰকল্পকেইটাৰ নিৰ্ধাৰিত ব্যয় হ'ল ৪৯ হাজাৰ কোটি টকা । ইতিমধ্যে এই প্ৰকল্পৰ ব্যয় ৫২ হেজাৰ কোটি টকালৈ বৃদ্ধি পাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in