চৰম ৰাজনৈতিক সংকটত মহাৰাষ্ট্ৰ, সলনি হ'ব নেকি মুখ্যমন্ত্ৰী ?

চৰম ৰাজনৈতিক সংকটত মহাৰাষ্ট্ৰ, সলনি হ'ব নেকি মুখ্যমন্ত্ৰী ?

ডিজিটেল ডেস্ক : ২০১৯ চনৰ ২৮ নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল শিৱ সেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই । অৱশ্যে এই ক্ষেত্ৰত নেতাগৰাকীক প্ৰত্যক্ষভাৱে সহায় কৰিছিল মহা মিত্ৰজোঁটে । মহা মিত্ৰজোঁটত আছিল শিৱসেনা, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু নেছনেলিষ্ট কংগ্ৰেছ পাৰ্টী ।

উদ্ধৱ থাকৰেৰ কাৰ্যকালৰ তৃতীয়টো বছৰত অৰ্থাৎ ২০২২ চনৰ ২১ জুনত হঠাৎ ৰাজ্যখনৰ মন্ত্ৰীসভাৰ তথা শিৱ সেনাৰ নেতা একনাথ শ্বিন্দে সহিত বহু কেইগৰাকী ৰাজনৈতিক নেতা বিধানসভাত অনুপস্থিত হৈ পৰিল । কেৱল বিধানসভাই নহয় বৰং কোনো খোজ খবৰ পোৱা নগ'ল নেতা কেইগৰাকীৰ আন ঠাইতো । আনফালে খবৰ আহিল এই দলটিয়ে মিত্ৰজোঁটৰ প্ৰতি আস্থাহীনতাৰ প্ৰশ্ন উত্থাপন কৰি বিসম্বাদৰ সৃষ্টি কৰিছে চুৰাটত ।

চুৰাটৰ পাছত পুনৰ নেতা কেইগৰাকীক দেখা গ'ল গুৱাহাটীত । গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত সেই সময়ত মহাৰাষ্ট্ৰৰ একনাথ শ্বিন্দে সহিত মহাৰাষ্ট্ৰৰ বহু কেইজন বিধায়ক উপস্থিত হোৱাৰ বাতৰিয়ে অসমতো চাঞ্চল্যৰ সৃষ্টি কৰিছিল । গুৱহাটীৰ পৰাই দলটিয়ে মন্তব্য প্ৰদান কৰিলে যে মিত্ৰজোঁট শিৱ সেনাৰ আদৰ্শ বহিৰ্ভূত কাৰ্য আৰু এনে কাৰ্যত আশ্বাস তথা সমৰ্থন একোৱেই নাই এওঁলোকৰ । এই কাৰ্যত স্বাভাৱিকতেই ক্ষুদ্ধ হৈ পৰিল উদ্ধৱ থাকৰে । ২৫ জুনত নেতা কেইগৰাকীক দলৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ দিলে দলক । সম্পূৰ্ণ কাৰ্যৰ বাবে সময় নিৰ্ধাৰণ কৰি দিলে কেৱল ৪৮ ঘন্টা । অৰ্থাৎ ৪৮ ঘন্টাৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব লাগিব বহিষ্কাৰ প্ৰক্ৰিয়া ।

আনহাতে, সমগ্ৰ বিষয়টি লৈ ২৬ জুনত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল একনাথ শ্বিন্দে । ২৭ জুনত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠ এখনে দিলে এক ঐতিহাসিক সিদ্ধান্ত । বিসম্বাদী সকলক ১২ দিনৰ সময় দিলে বহিষ্কাৰ প্ৰক্ৰিয়াৰ পূৰ্বে অন্তিম বাৰ কাৰণ দৰ্শোৱাৰ সুযোগ । এই শুনানি এই বাবেই ঐতিহাসিক আছিল যে সাধাৰণতে সদনৰ কাম-কাজত হস্তক্ষেপ নকৰে ন্যায়ালয়ে । তেনেস্থলত সদনৰ অধ্যক্ষই এই সিদ্ধান্তটিৰ বাবে দিয়া ৭ দিনৰ পৰিৱৰ্তে ন্যায়ালয়ে কিয় ১২ দিনৰ সময় দিলে !

একেদৰেই মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰো কাষ চাপিল বিসম্বাদী নেতাসকল । চৰকাৰৰ ওপৰত যে বিসম্বাদীসকলৰ আস্থা নাই আৰু যাৰ বাবেই মন্ত্ৰীসভা এৰিব বিচাৰে দলটিয়ে সেই কথা জনালে ৰাজ্যপালগৰাকীক । এই গোচৰৰ পাচতেই ৰাজ্যপালে ৩০ জুনত আস্থা ভোটৰ বাবে আহ্বান জনালে মহাৰাষ্ট্ৰৰ সেই সময়ৰ চৰকাৰক ।

তাৰ পাছতেই ঘটিল আন এক চাঞ্চল্যকৰ ঘটনা । আস্থা ভোটৰ পূৰ্বে উদ্ধৱ থাকৰেই পঢ়ি শুনালে বিসম্বাদী দলৰ বহু প্ৰত্যাশিত চিঠিখন । পদত্যাগ কৰিলে উদ্ধৱ থাকৰেই । বিসম্বাদীৰ সন্মুখত আস্থা ভোটত কোনো কাৰণত পৰাজয় বৰণ কৰি লজ্জানত হোৱাতকৈ পদত্যাগেই শ্ৰেয় বুলি ঘোষণা কৰিলে উদ্ধৱ থাকৰেই ।

সকলো যেন পৰিকল্পনা অনুসৰি হৈ গ'ল পদত্যাগৰ সৈতেই । মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে একনাথ শ্বিন্দেই । সৃষ্টি হ'ল দুটিকৈ শিৱ সেনা দলৰ ।

একেদৰেই দলৰ পাছত ২০২৩ চনৰ ফেব্ৰুৱাৰী মহত উদ্ধৱ থাকৰেই হেৰুৱালে শিৱ সেনাৰ নাম আৰু দলৰ চিহ্ন ব্যৱহাৰৰ ক্ষমতাও, তাৰ পৰিৱৰ্তে সেই ক্ষমতা নিৰ্বাচনী আয়োগৰ নিৰ্দেশ মৰ্মে লাভ কৰিলে একনাথ শ্বিন্দেৰ দলে ।

কিন্তু এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল উদ্ধৱ থাকৰে । সম্পূৰ্ণ খেলখন বুজি উঠাত পলম হ'লেও অৱশেষত অনুধাৱণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । দল বাগৰা একনাথ শ্বিন্দেৰ বিৰুদ্ধে তৰিলে গোচৰ । সেই গোচৰৰে শুনানি আজি উচ্চতম ন্যায়ালয়ত । এই শুনানিৰ সুযোগ লৈ পুনৰ পোহৰলৈ আহিছে আন বিৰোধী দলসমূহো । কোনোবাই যদি শ্বিন্দে দলক সমৰ্থন কৰিছে আন কোনোবাই আকৌ উদ্ধৱ থাকৰেক ।

একে সময়তেই প্ৰশ্ন উত্থাপন হৈছে যদি এক শুনানিত উদ্ধৱ থাকৰে জয়ী হয় তেন্তে কোন হ'ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী । পুনৰাই উদ্ধৱ থাকৰেৰ হাতলৈ চৰকাৰ উভতি যাব নে একনাথ শ্বিন্দেই মুখ্যমন্ত্ৰীৰ ৰূপত বাহাল থাকিব মহাৰাষ্ট্ৰত । মুঠতে মহাৰাষ্ট্ৰত এতিয়া চৰম ৰাজনৈতিক সংকট, যিকোনো মুহুৰ্ততেই উচ্চতম ন্যায়ালয়ৰ এটি সিদ্ধান্তই ৰাজ্যখনত চৰকাৰে গঢ়িব-ভাঙিব পাৰে এতিয়া ।

চৰম ৰাজনৈতিক সংকটত মহাৰাষ্ট্ৰ, সলনি হ'ব নেকি মুখ্যমন্ত্ৰী ?
ক'ত হেৰাল কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলাম ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in