/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/34e5887a-d5a3-43a8-8155-b6573f956b18/Under_water_train.jpg)
ডিজিটেল ডেস্ক : কলকাতাত প্ৰতিষ্ঠা হ'ব দেশৰ প্ৰথমটো পানীৰ তলেৰে চলিব লগীয়া মেট্ৰ' সুৰংগ। এই খবৰে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশবাসীৰ মাজত। দেশৰ এখন অন্যতম ৰাজ্য পশ্চিম বংগৰ কলকাতা চহৰৰ হুগলী নদীৰ মাজেৰে নিৰ্মাণ হ'ব এই মেট্ৰ' সুৰংগ।
চল্ট লেকৰ হাওৰা ময়দান আৰু পঞ্চম খণ্ড নামৰ ঠাইক সংযোগ কৰা পূব-পশ্চিম মেট্ৰ' কৰিডৰৰ মাজত হুগলীৰ তলেৰে দুটা সুৰংগ নিৰ্মাণৰ বাবে ইতিমধ্যেই আৰম্ভ হৈছে জু-যা। এই পথচোৱাৰ বাবে এটা অংশত দেওবাৰে চলিছিল এক পৰীক্ষণ। এই পৰ্যবেক্ষণ নিৰ্ধাৰিত কৰা হৈছিল কলকাতা মেট্ৰ' ৰে'ল কৰ্পোৰেচন (কেএমআৰচি)ৰ দ্বাৰা । পিছে পৰ্যবেক্ষণৰ পাছতেই এই কাম হঠাতে পিছুৱাই দিয়াত হয়, যাৰ বাবে বিযয়টো পুনৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ উঠিছে।
অৱশ্যে এই সন্দৰ্ভত নিগমৰ পৰ্যবেক্ষণকাৰী দলটোৱে পৰীক্ষণৰ কাম পুনৰ শীঘ্ৰেই সম্পূৰ্ণ হ'ব বুলি মত প্ৰকাশ কৰে। উল্লেখ্য যে, মুঠ ১৬ কিলোমিটোৰৰ এই সুৰংগ নিৰ্মাণত ১০.৬ কিলোমিটাৰ পানীৰ তলত থাকিব। লগতে উক্ত মেট্ৰ' সেৱাত সকলো ধৰণৰ বিলাসী সুবিধাও প্ৰদান কৰিব দেশৰ ৰে'ল বিভাগে।
Also Read: পশ্চিম কাৰ্বি আংলঙত বন্যহস্তীৰ খাদ্যৰ বাবে বৃক্ষৰোপন কাৰ্যসূচী...