তাচপাতৰ দৰে খহি পৰিল ১৭০০ কোটি টকীয়া দলং, সন্ধানহীন গাৰ্ড...

দেওবাৰে বিহাৰৰ ভগলপুৰৰ চাৰিলেণ্ডযুক্ত এখন নিৰ্মীয়মান দলং তাচপাতৰ দৰে খহি পৰা ঘটনাই দেশবাসীক সচকিত কৰি তুলিছে ।

author-image
Asomiya Pratidin
New Update
তাচপাতৰ দৰে খহি পৰিল ১৭০০ কোটি টকীয়া দলং, সন্ধানহীন গাৰ্ড...

ডিজিটেল ডেস্কঃ দেওবাৰে বিহাৰৰ ভগলপুৰৰ চাৰিলেণ্ডযুক্ত এখন নিৰ্মীয়মান দলং তাচপাতৰ দৰে খহি পৰা ঘটনাই দেশবাসীক সচকিত কৰি তুলিছে । গংগা নদীৰ ওপৰত প্ৰায় ১৭০০ কোটি ব্য়য়ৰে নিৰ্মাণ কৰা হৈছিল দলং খন । এই লৈ ৰাজ্যখনৰ শাসক আৰু বিৰোধী পক্ষৰ মাজত বৰ্তমানে তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে ।

Advertisment

দলঙখন নিৰ্মাণৰ দায়িত্বত আছিল এছ পি চিংলা নামৰ এটি ব্যক্তিগত খণ্ডৰ কোম্পানী । দলঙখনৰ কাষতে কাম কৰি থকা কোম্পানীটোৰ এজন গাৰ্ড বৰ্তমানেও সন্ধানহীন হৈ আছে । গাৰ্ডজনক বিচাৰি এছডিআৰএফ আৰু এনডিআৰএফ দলে অনুসন্ধান অব্যাহত ৰাখিছে ।

এইবাৰেই প্ৰথম নহয় ইয়াৰ পূৰ্বেও দলং খনৰ এটা অংশ খহি পৰিছিল । বিৰোধীৰ তীব্ৰ কটাক্ষৰ মাজতে সোমবাৰৰ দিনটোত উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে সংবাদ মেল সম্বোধন কৰে । সংবাদমেলত উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "বৰ্তমানেও দলং এইদৰে ভাঙি পৰাৰ চূড়ান্ত প্ৰতিবেদন লাভ কৰা নাই যদিও বিশেষজ্ঞসকলে জনাইছে যে দলংখন নিৰ্মাণত ক্ৰুটি আছিল ।"

ইফালে, ৰাজ্যিক বিজেপিৰ সভাপতি সম্ৰাট চৌধুৰীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগৰ দাবী জনাইছে । ভাগলপুৰৰ প্ৰাক্তন সাংসদ সতীৰ্থ বিজেপি নেতা চৈয়দ শ্বাহনাৱাজ হুছেইনেও এই ঘটনাক তীব্ৰ সমালোচনা কৰি তদন্ত দাবী কৰিছে । উল্লেখ্য যে ইতিমধ্যেই ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে ৰাজ্য খনৰ চৰকাৰে ।

Also Read: অমিত শ্বাহক সাক্ষাতৰ পাছতেই কামলৈ উভতিল মল্লযোদ্ধাসকল, ক'লে, প্ৰতিবাদ অব্যাহত থাকিব

ganga river bridge collapses bihar