/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/42aa9afa-8b5b-4aa4-b008-1e130b491c15/AP_FOR_WEB_new__011111111111111111111111111111.jpg)
ডিজিটেল ডেস্কঃ এটাৰ পাছত আন এটা অঘটন। নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই খহি পৰিল দলং। দেওবাৰে বিহাৰৰ ভাগলপুৰৰ খগড়িয়াত সংঘটিত হয় এই ঘটনা। আগুৱানী-চুলতানগঞ্জ ব্ৰীজ খন গংগা নদীৰ ওপৰত ১,৭১০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছিল ।
কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই প্ৰায় ২০০ মিটাৰৰ অংশ এটা খহি পৰে । এই ঘটনাৰ সমগ্ৰ দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে বৰ্তমান পৰ্যন্ত কোনোলোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
#Bihar a portion of under construction bridge over Ganga river collapsed today. The Aguanhighat Sultanganj bridge will connect Khagaria and Bhagalpur districts. pic.twitter.com/7DLTQszso7
— All India Radio News (@airnewsalerts) June 4, 2023
খগড়িয়া জিলাৰ আগুৱানিক ভাগলপুৰৰ চুলতানগঞ্জৰ সৈতে সংযোগ কৰা ৩.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণ ২০১৪ চনত আৰম্ভ হৈছিল। নীতিশ কুমাৰে এই দলং খনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ২০১৯ চনত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছিল।
তাৰ পিছত ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছিল আৰু চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা আছিল। দলংখন নিৰ্মাণৰ দায়িত্বত আছিল এছ পি চিংলা কনষ্ট্ৰাকচনছ প্ৰাইভেট লিমিটেড।
জানিব পৰা মতে এই দলং খন চাৰি লেনযুক্ত । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ বিহাৰ চৰকাৰে নিৰ্দেশ দিছে।
কিন্তু এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ২০২২ চনত এই দলং খনতেই হৈছিল অঘটন। ২০২২ চনতো এনে এক ঘটনা সংঘটিত হৈছিল। এপ্ৰিল ২০২২ত চুলতানগঞ্জৰ শেষৰ ফালৰ পৰা ৪আৰু ৬ নম্বৰ স্তম্ভৰ মাজৰ প্ৰায় ১০০ ফুট চুপাৰষ্ট্ৰাকচাৰ তীব্ৰ বতাহ আৰু বৰষুণৰ ফলত খহি পৰিছিল। এতিয়ালৈকে দলং নিৰ্মাণ কৰি থকা ব্যক্তিগত কোম্পানীটোৱে কোনো মন্তব্য প্ৰদান কৰা নাই।
Also Read: গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচনঃ কোন পদত কোনজন প্ৰাৰ্থীয়ে জয়লাভ কৰিলে, জানক সৱিশেষ