উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অসম সন্তান উজ্জ্বল ভূঞাৰ

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপতগ্রহণ কৰিলে উজ্জ্বল ভূঞাই। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব আছে অসম সন্তান উজ্জ্বল ভূঞা।

author-image
Asomiya Pratidin
New Update
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অসম সন্তান উজ্জ্বল ভূঞাৰ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপতগ্রহণ কৰিলে উজ্জ্বল ভূঞাই। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব আছে অসম সন্তান উজ্জ্বল ভূঞা।

Advertisment

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে শপত বাক্য পাঠ কৰোৱাই ভূঞাক। তেওঁৰ লগতে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ ভি ভাট্টিয়েও শপত গ্রহণ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ হিচাপে। আজিৰে পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৩২ গৰাকীলৈ বৃদ্ধি হয়।

২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব লোৱা ভূঞাই বিগত বৰ্ষৰ ২৮ জুনৰ পৰা তেলেংগানাৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব পালন কৰি আছে। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ ব'ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব পালন কৰিছিল।

১৯৬৪ চনত গুৱাহাটীত জন্মগ্রহণ কৰা ন্যায়াধীশ ভূঞাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল এম ডিগ্ৰী গ্ৰহণ কৰাৰ পিচত ১৯৯১ চনত গুৱাহাটীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ বাৰ কাউন্সিলৰ সৈতে জড়িত হৈছিল। ২০১১ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

২০১৯ চনত তেওঁ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব গ্রহণ কৰিছিল। কলেজিয়ামাৰ পৰামৰ্শ অনুসৰি ন্যায়াধীশ ভূঞাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব লাভ কৰিলে সর্বোচ্চ ন্যায়ালয়ত অসমৰ ন্যায়াধীশৰ সংখ্যা দুজনলৈ বৃদ্ধি পাব।

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত অসম সন্তান ন্যায়াধীশ হৃষীকেশ ৰয়ে উচ্চতম ন্যায়ালয়ৰ ন্যয়াধীশৰূপে শপত গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৫ চনলৈকে আছে।

Also Read: ভূটানে এৰিছে পানী : মানাহ,বেকী,পাগলাদিয়া আৰু বৰনদীৰ জলস্তৰ বৃদ্ধি

supreme court