ভূটানে এৰিছে পানী : মানাহ,বেকী,পাগলাদিয়া আৰু বৰনদীৰ জলস্তৰ বৃদ্ধি

ভূটানে এৰিছে পানী : মানাহ,বেকী,পাগলাদিয়া আৰু বৰনদীৰ জলস্তৰ বৃদ্ধি

author-image
Asomiya Pratidin
New Update
ভূটানে এৰিছে পানী : মানাহ,বেকী,পাগলাদিয়া আৰু বৰনদীৰ জলস্তৰ বৃদ্ধি

Kuri Chhu,Bhutan

ডিজিটেল ডেস্ক : নামনি অসমত জলপ্ৰলয়ৰ আশংকা। ভূটানে পানী এৰি দিয়াৰ ফলত মানাহ আৰু বেকী নৈত বৈছে ধল। যিকোনো মূহুৰ্ততে নামনি অসমৰ কেইবাখনো জিলাত আহিব পাৰে বানপানী ।

Advertisment

চুবুৰীয়া দেশখনৰ কুৰিশ্বো বান্ধৰ পানী এৰি দিয়াৰ ফলত উক্ত নৈ দুখনত ধল বৈছে। উল্লেখ্য যে বৃহস্পতিবাৰে নিশা ১২ বজাত কুৰিশ্বো বান্ধৰ পানী এৰি দিয়া সন্দৰ্ভত ভূটানৰ ৰাজকীয় চৰকাৰে আগজাননী দিছিল।

ইতিমধ্যে বাক্সা জিলা প্ৰশাসনে জনসাধাৰণৰ প্ৰতি জাৰি কৰিছে বিশেষ সতৰ্কবাণী। সতৰ্ক কৰি দিয়া হৈছে বেকী আৰু মানাহ নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক। অঞ্চলবাসীক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। উক্ত নৈ দুখনৰ সমান্তৰালকৈ বৃদ্ধি পাইছে পাগলাদিয়া আৰু বৰনদীৰ জলস্তৰ।

উল্লেখ্য যে ভূটানৰ ৰাজকীয় চৰকাৰৰ আগজাননী লাভ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা প্রশাসনলৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে জৰুৰী নিৰ্দেশ প্ৰদান কৰিছে। উৰা বাতৰিত নির্ভৰ নকৰি প্রশাসনৰ নির্দেশ অনুসৰি ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই।

Also Read: লংকাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন লোকৰ

FLOOD ASSAM Kuri Chhu-Bhutan