''দেশৰ ৰাজনীতি এতিয়া IPL ৰ দৰে একেই! কোনে, কোন দলৰ পৰা খেলে গ'মেই নাপায়''

দেশৰ ৰাজনীতিত ক'ত, কেতিয়া, কেনেকৈ পৰিবৰ্তন হয় সেয়া ক'ব পৰাতো কঠিন। ক্ষমতাৰ লোভত নিশাটোৰ ভিতৰতে একাংশ জ্যেষ্ঠ নেতাই দল বাগৰে বা বিৰোধীৰ সৈতে হাত মিলায়।

author-image
Asomiya Pratidin
New Update
''দেশৰ ৰাজনীতি এতিয়া IPL ৰ দৰে একেই! কোনে, কোন দলৰ পৰা খেলে গ'মেই নাপায়''

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত ক'ত, কেতিয়া, কেনেকৈ পৰিবৰ্তন হয় সেয়া ক'ব পৰাতো কঠিন। ক্ষমতাৰ লোভত নিশাটোৰ ভিতৰতে একাংশ জ্যেষ্ঠ নেতাই দল বাগৰে বা বিৰোধীৰ সৈতে হাত মিলায়।

Advertisment

ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে  "কলঙ্ক" বুলি কৰা মন্তব্যৰ বাবে মহাৰাষ্ট্ৰৰ ৰাজনীতি গৰম হৈ আছে। বিজেপিৰ কৰ্মীসকলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁৰ মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

এই সন্দৰ্ভত উদ্ধৱ থাকৰে কয় যে, মইতো কেৱল কলংক বুলি কৈছো। সেইটো যদি বেয়া শব্দ তেন্তে ইডি, চিবিআইক মানুহৰ ঘৰলৈ পঠিয়াই কিয় কলংকিত কৰে। উদ্ধৱ থাকৰে কয় যে,  দেশ আৰু মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মানুহ ক্ষুব্ধ হৈ আছে। চৰকাৰে এতিয়াও ৰাজ্যৰ জনতাৰ প্ৰশ্নৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাই।

চৰকাৰক কটাক্ষ কৰি তেওঁ কয় যে, "আপুনি ক'লে শিল হ'ব, কাৰোবাক ডকাইত ক'লে ডকাইত, সাধু ক'লে সাধু। আপুনি কোন হয় সিদ্ধান্ত ল'বলৈ? আজি দেশৰ ৰাজনীতি আইপিএলৰ দৰে হৈ পৰিছে। কোনে কোনফালৰ পৰা খেলে গ'মেই নাপায়। উল্লেখ্য যে, প্ৰতিবাদৰ পাথতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ মন্তব্য প্ৰত্যাহাৰ কৰা নাই।

Also Read: হিমাচলত প্ৰকৃতিৰ ধ্বংসলীলাঃ তীব্ৰ সোঁতেও ক্ষতি কৰিব পৰা নাই এটা শিৱ মন্দিৰক...

maharashtra uddhav thackeray