হিমাচলত প্ৰকৃতিৰ ধ্বংসলীলাঃ তীব্ৰ সোঁতেও ক্ষতি কৰিব পৰা নাই এটা শিৱ মন্দিৰক...

হিমাচলত প্ৰকৃতিৰ ধ্বংসলীলাঃ তীব্ৰ সোঁতেও ক্ষতি কৰিব পৰা নাই এটা শিৱ মন্দিৰক...

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত এতিয়া বানৰ তাণ্ডৱ। ৰাজ্য়খনত বানে ধাৰণ কৰা ভয়ংকৰৰূপে তচনচ কৰিছে সকলো। কুল্লু, মনালী, মণ্ডী আদি ঠাইসমূহত যথেষ্ঠ ক্ষতিসাধন হৈছে। হাজাৰ, হাজাৰ মানুহ গৃহহীন হৈছে, কোটি কোটি টকাৰ সম্পত্তিৰ লোকচান হৈছে।

প্ৰকৃতিৰ এই ধ্বংসলীলাৰ মাজতে এতিয়া চৰ্চাত আছে এটা মন্দিৰ। প্ৰকৃতিৰ ৰূদ্ৰৰূপকো আওকান কৰি থিয় দি আছে এটা শিৱমন্দিৰ। পানীৰ তীব্ৰ সোঁতেও এই মন্দিৰটোৰ ক্ষতিসাধন কৰিব পৰা নাই।

মণ্ডিৰ ঐতিহাসিক পঞ্চবক্ত মন্দিৰটো কেইবা ঘণ্টা ধৰি বিয়াছ নদীৰ ঢৌৰ সৈতে মোকাবিলা কৰা দেখা গৈছে। স্থানীয়লোকে বিশ্বাস কৰে যে ৫ শতিকাৰো অধিক পুৰণি এই শিৱমন্দিৰটোৱে হিমাচলক ৰক্ষা কৰিছে।

৫০০ বছৰৰো অধিক বছৰ পুৰণি এই মন্দিৰটো প্ৰায় কেদাৰনাথ মন্দিৰৰ দৰেই দেখিবলে।উল্লেখ্য যে, এই মন্দিৰটোত ৫খন মুখ আছে। পঞ্চমুখী মহাদেৱৰ এই মন্দিৰটোৰ ওচৰে পাজৰে ধ্বংসলীলা দেখিবলৈ পোৱা যায়। কিন্তু এই মন্দিৰটোই একেই স্থানতে আছে।

কিছু বছৰ পূৰ্বে এক একেই ছবি দেখিবলৈ পোৱা গৈছিল। ২০১৩ চনত উত্তৰাখণ্ডত হোৱা ভয়ংকৰ বানত বহুলোকৰ প্ৰাণ গৈছিল। গৃহহীন হৈছিল বহুতো, ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন হৈছিল কিন্তু এটা শিৱ মন্দিৰৰ কোনো ধৰণৰ ক্ষতিসাধণ হোৱা নাছিল। পানীৰ তীব্ৰ সোঁতৰ মাজতো একেই স্থানত আছিল শিৱ মন্দিৰটো।

হিমাচলত প্ৰকৃতিৰ ধ্বংসলীলাঃ তীব্ৰ সোঁতেও ক্ষতি কৰিব পৰা নাই এটা শিৱ মন্দিৰক...
দেৰগাঁও দৈনিক বজাৰত মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in