আৰক্ষীৰে গুলীয়াগুলীত দুই মাওবাদী নেত্ৰীৰ মৃত্যু...

আৰক্ষীৰে গুলীয়াগুলীত দুই মাওবাদী নেত্ৰীৰ মৃত্যু...
আৰক্ষীৰে গুলীয়াগুলীত দুই মাওবাদী নেত্ৰীৰ মৃত্যু...

ডিজিটেল ডেস্কঃ আৰক্ষীৰে হোৱা গুলীয়াগুলীত মৃত্যু দুই মাওবাদী নেত্ৰীৰ। মৃত্যু হোৱা দুই মাওবাদী নেত্ৰী হৈছে সুনীতা আৰু সৰিতা।

শুকুৰবাৰে মধ্যপ্ৰদেশৰ বালাঘাটত সংঘটিত হৈছে এই ঘটনা। নিহত হোৱা দুয়ো মাওবাদী নেত্ৰী চি পি আই (মাওবাদী) গেৰিলা সদস্য আছিল।

ইয়াৰে সুনীতা ছত্তিশগড়ৰ সীমান্তৰ ভোৰামদেউ সমিতিৰ অধিনায়ক আছিল আৰু সৰিলা মধ্যপ্ৰদেশ মণ্ডল জিলাৰ খাটিয়ামোচা আঞ্চলিক সমিতিৰ সদস্য আছিল।ইতিপূৰ্বে আৰক্ষীয়ে তেওঁলোকৰ সন্ধান দিওতালৈ পুৰষ্কাৰ ঘোষণা কৰি ৰাখিছিল।

এগৰাকীৰ মূৰৰ পুৰষ্কাৰ আছিল ১৪ লাখকৈ। তেওঁলোক দুয়োৰে পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৰাইফল, কাৰ্টিজ, মেগজিন, বিস্ফোৰক সামগ্ৰী আদি।

তেওঁলোক দুয়োৱে মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ প্ৰকল্প, ফেন অভয়াৰণ্য, ছত্তিশগড়ৰ ভোৰামদেও অভয়ৰাণ্যৰ বালাঘাট আদিত মাওবাদী কাৰ্যকলাপ সংঘটিত কৰি আহিছিল।    

আৰক্ষীৰে গুলীয়াগুলীত দুই মাওবাদী নেত্ৰীৰ মৃত্যু...
মনিষা বড়োৰ হত্যাকাৰীৰ মৃত্যুদণ্ডৰ দাবী মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in