/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6aac2300-99fd-42a3-9048-1834a49466c0/AP_FOR_WEB_manisha.jpg)
মনিষা বড়োৰ হত্যাকাৰীৰ মৃত্যুদণ্ডৰ দাবী মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ...
ডিজিটেল ডেস্কঃ শোণিতপুৰৰ মনিষা বড়ো হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহাসংঘ অসমৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে। তেওঁ মনিষা বড়োৰ হত্যাকাৰীক মৃত্যুদণ্ড দিয়া উচিত বুলি মন্তব্য কৰিছে।
কেৱল সেয়াই নহয়, মতিউৰ ৰহমানৰ মতে অসম চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব শেষ কৰিলে নহ'ব। খৰতকীয়া বিচাৰ কৰি হত্যাকাৰীক মৃত্যুদণ্ড দিব লাগিব।
তেওঁ কয়, অ-খিলঞ্জীয়া বহিৰাগত লোকে খিলঞ্জীয়াৰ ওপৰত কৰি অহা অত্যাচাৰ নিতৌ বৃদ্ধি পাইছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা সন্তোষজনক নহয়।
উল্লেখ্য যে, অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা মনিষা বড়োৱে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই তেওঁক তেজপুৰৰ ভাড়াঘৰত অতি নৃশংসভাৱে হত্যা কৰা হৈছিল। পঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰী মনিষা বড়োৰ মৃতদেহ তেওঁৰ ভাড়াঘৰত উদ্ধাৰ কৰিছিল।
ইফালে এই ঘটনাত অভিযুক্ত দেৱাশীষ কৰক আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰা নাছিল যদিও বিহুৰ মাজতে কেইবাটাও বড়ো সংগঠন আৰু স্থানীয় ৰাইজে সাব্যস্ত কৰা প্ৰতিবাদৰ পাছতে আৰক্ষীয়ে পশ্চিমবংগৰ সীমান্তৰ শ্ৰীৰামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। কিয়নো হত্যাৰে অভিযুক্ত দেৱাশীষ কৰৰ ককায়েক এটা হিন্দুত্ববাদী সংগঠনৰ নেতা। সেয়ে আৰক্ষীয়ে হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে।
Also Read: কেৰালা বিজেপি কাৰ্যালয়লৈ দুৰ্বৃত্তৰ পত্ৰঃ আত্মঘাতী আক্ৰমণ কৰিব প্ৰধানমন্ত্ৰীক...