পুনৰ নিযুক্তি: উচ্চতম ন্যায়ালয়ত ৩৪জনলৈ বৃদ্ধি পালে ন্যায়াধীশৰ সংখ্যা

উচ্চতম ন্যায়ালয়ত ৫ জন ন্যায়াধীশ নিযুক্ত হোৱাৰ এসপ্তাহ পিছতেই কেন্দ্ৰই শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশক দেশৰ সৰ্বোচ্চ আদালতলৈ উন্নীত কৰে।

author-image
Asomiya Pratidin
New Update
পুনৰ নিযুক্তি: উচ্চতম ন্যায়ালয়ত ৩৪জনলৈ বৃদ্ধি পালে ন্যায়াধীশৰ সংখ্যা

ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ত ৫ জন ন্যায়াধীশ নিযুক্ত হোৱাৰ এসপ্তাহ পিছতেই কেন্দ্ৰই শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশক দেশৰ সৰ্বোচ্চ আদালতলৈ উন্নীত কৰে। যাৰ পাছত ন্যায়ধীশৰ সংখ্যা হয়গৈ ৩৪।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দাল আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰবিন্দ কুমাৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে।

এই সন্দৰ্ভত টুইট কৰি আইন মন্ত্ৰী কিৰন ৰিজিজুৱে কয় যে, "ভাৰতৰ সংবিধানৰ অধীনত থকা ব্যৱস্থা অনুসৰি, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ নিম্নলিখিত মুখ্য ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দাল আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰবিন্দ কুমাৰ''।

নিযুক্তি লাভ কৰা ন্যায়ধীশ সকলে শপত গ্ৰহণ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ত ভাৰতৰ মুখ্য ন্যায়াধীশকে ধৰি ৩৪ জন ন্যায়াধীশ থাকিব। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দিয়া এই নাম সমূহত অনুমোদন জনাই কেন্দ্ৰই।

ইয়াৰ পূৰ্বে ২০১৯ চনৰ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালত সম্পূৰ্ণ ৰূপত ৩৪ জন ন্যায়ধীশ আছিল।

আৰু পঢ়ক: বিয়া পাতিবলৈ আহি পৰিল ৰাইজৰ ৰোষত! আছে পত্নী, সন্তান

supreme court judge