বিয়া পাতিবলৈ আহি পৰিল ৰাইজৰ ৰোষত! আছে পত্নী, সন্তান

লাহোৱালৰ এখন গাঁওত বিবাহ কৰাবলৈ গৈ এজনৰ অৱস্থা শোচনীয়। ৰাইজৰ ৰোষত পৰিল সঞ্জয় বৰুৱা

author-image
Asomiya Pratidin
New Update
বিয়া পাতিবলৈ আহি পৰিল ৰাইজৰ ৰোষত! আছে পত্নী, সন্তান

ডিজিটেল সংবাদ, লাহোৱাল: লাহোৱালৰ এখন গাঁওত বিবাহ কৰাবলৈ গৈ এজনৰ অৱস্থা শোচনীয়। ৰাইজৰ ৰোষত পৰিল সঞ্জয় বৰুৱা। জীয়ৰী, ছোৱালী দেখিলেই বিবাহৰ প্ৰস্তাৱ দিয়ে সঞ্জয় বৰুৱাই ।

Advertisment

অভিযোগ অনুসৰি চেন্নাইত চাকৰি কৰে বুলি ঠগ প্ৰৱঞ্চনা কৰি গাভৰু ছোৱালীক জালত পেলায়। বৰুৱাৰ প্ৰথম পত্নীৰ আছে এজন পুত্ৰ আৰু এগৰাকী জী। এইবাৰ বৰুৱাৰ আন এগৰাকী যুৱতীৰ ওপৰত পৰিল চকু।

লাহোৱালৰ এখন গাঁৱত এগৰাকী যুৱতীক প্ৰেমৰ নামত চেন্নাইলৈ বিবাহ কৰি নিয়াৰ প্ৰস্তাৱ দি টিকটো কাটে বৰুৱাই। তেনে সময়তেই গাঁৱৰ ৰাইজে গোপনসুত্ৰৰ পম ক্ষেদি ডিগবৈ গোলাই নং ১ গাঁৱলৈ খবৰ কৰে।

তেতিয়াই বৰুৱাৰ ওলাই পৰিল আচল চৰিত্ৰ। সঞ্জয় বৰুৱাৰ চাউলখোৱা ঘৰবন্দী চুক গাঁৱৰ। তাৰ পাছতে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গটাই সঞ্জয় বৰুৱাক।

ৰাইজে অভিযোগ উত্থাপন কৰিছিল যে সঞ্জয় বৰুৱাই পূৰ্বে ৩ বাৰ বিয়া কৰাইছে। সঞ্জয় বৰুৱাই কোৱা অনুসৰি তেওঁৰ পূৰ্বৰ এগৰাকী পত্নী আৰু দুটিকৈ সন্তান আছে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য।

আৰু পঢ়ক: ২০২২ বৰ্ষত ২.২৫ লাখ লোকে ত্যাগ কৰিলে ভাৰতীয় নাগৰিকত্ব

Assam police