মণিপুৰত সোমবাৰে পুনৰ দুজনে হেৰুৱালে প্ৰাণ...

মণিপুৰত সোমবাৰে পুনৰ দুজনে হেৰুৱালে প্ৰাণ...

author-image
Asomiya Pratidin
New Update
মণিপুৰত সোমবাৰে পুনৰ দুজনে হেৰুৱালে প্ৰাণ...

মণিপুৰত সোমবাৰে পুনৰ দুজনে হেৰুৱালে প্ৰাণ...

ডিজিটেল ডেস্কঃ পুনৰ মণিপুৰত প্ৰাণ হেৰুৱালে দুই নাগৰিকে। পি টি আইত প্ৰকাশিত খবৰ অনুসৰি সোমবাৰে সংঘটিত হোৱা এক হিংসাত্মক ঘটনাত এই দুই লোকে হেৰুৱালে প্ৰাণ।

Advertisment

উল্লেখ্য যে, সুদীৰ্ঘদিন ধৰি মেইটেই আৰু কুকিসকলৰ মাজত অব্যাহত থকা গোষ্ঠীগত সংঘৰ্ষৰ ফলত প্ৰায় প্ৰতিদিনেই অব্যাহত আছে সংঘৰ্ষ। সোমবাৰেও দুই গোটৰ মাজত সংঘটিত হয় এনে এক সংঘৰ্ষ।

ৰাজ্যখনৰ কাংপোকপি জিলাৰ হাৰোথেল আৰু কোবছা গাঁৱৰ মাজৰ এটা স্থানত সংঘটিত হয় এই সংঘৰ্ষ। এই সংঘৰ্ষৰ মাজতে দুই গোটৰ মাজত হৈছিল গুলীচালনা।

আৰক্ষীয়ে অৱশ্যে কি কাৰণত এই গুলীচালনাৰ ঘটনা সংঘটিত হ'ল সেই বিষয়ে এতিয়াও স্পষ্টকৈ কোনো কথা প্ৰকাশ কৰা নাই। গোষ্ঠীগত সংঘৰ্ষত জ্বলি থকা ৰাজ্যখনত ইণ্টাৰনেট সংযোগো বিচ্ছিন্ন হৈ আছে।

অতি শেহতীয়াকৈ ১৯ নৱেম্বৰ, শনিবাৰে ৰাজ্যখনত পুনৰ অতিৰিক্ত ৫ দিনৰ বাবে ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি ২৩ নৱেম্বৰ পৰ্যন্ত মণিপুৰত ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হৈ থাকিব।

অৱশ্যে ২৩ নৱেম্বৰতো ইণ্টাৰনেট সংযোগ পুনৰুদ্ধাৰ হ'ব নে নাই তাৰ কোনো নিশ্চয়তা নাই। পুনৰ উক্ত দিনা ইণ্টাৰনেট সংযোগ অতিৰিক্ত কিছু দিনলৈ কৰ্তন কৰাৰ হে সম্ভাৱনা আছে।

Also Read: ৩৭১ কোটিৰ দুৰ্নীতিৰ গোচৰত জে'ললৈ যোৱা চন্দ্ৰবাবু নাইডুলৈ স্থায়ী জামিন...

মণিপুৰ