/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6124028e-f438-463e-bdb2-a0d991b3361b/AP_FOR_WEB_andhra.jpg)
৩৭১ কোটিৰ দুৰ্নীতিৰ গোচৰত জে'ললৈ যোৱা চন্দ্ৰবাবু নাইডুলৈ স্থায়ী জামিন...
ডিজিটেল ডেস্কঃ দুৰ্নীতি গোচৰত কাৰাগাৰত আৱদ্ধ হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে লাভ কৰিলে স্থায়ী জামিন। স্কিল ডেভলেপমেণ্ট দুৰ্নীতি গোচৰত দীৰ্ঘ সময় ধৰি অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নায়ডু আৱদ্ধ হৈ আছিল কাৰাগাৰত। তেওঁ এই গোচৰত স্থায়ী জামিন বিচাৰি অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ত দাখিল কৰা আৱেদন মঞ্জুৰ কৰা হৈছে।
উল্লেখ্য যে, তেলেগু দেশম পাৰ্টিৰ প্ৰধানগৰাকীয়ে এই গোচৰত অন্তৱৰ্তীকালীন জামিন লৈ চিকিৎসাধীন হৈ আছিল। বিগত ৩১ অক্টোবৰত স্বাস্থ্য সংক্ৰান্তিয় কাৰণত চন্দ্ৰবাবু নাইডুক চাৰি সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে।
হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত এতিয়া তেওঁ নিজা বাসগৃহতে আশ্ৰয় গ্ৰহণ কৰি আছে। ৩১ অক্টোবৰত ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰি নিৰ্দেশ দিছিল ২৮ নৱেম্বৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত ৰাজামহেন্দ্ৰভাৰম কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হ'বলৈ।
কিন্তু তেওঁ স্থায়ী জামিন লাভ কৰাত এতিয়া আৰু সেই নিৰ্দেশ পালন নকৰিলেও হ'ব। অন্ধ্ৰপ্ৰেদশ আৰক্ষী আৰু চি আই ডিৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী হৈ থকাৰ অৱস্থাত চন্দ্ৰবাবু নাইডুৱে ৰাজ্যৰ চৰকাৰী সংস্থা স্কিল ডেভলেপমেণ্ট কৰ্পোৰেচনত প্ৰায় ৩৭১ কোটি টকাৰ কেলেংকাৰী হৈছিল।
চন্দ্ৰবাবু নাইডুৰ উপৰি এই অভিযোগত অভিযুক্ত হৈছিল টি ডি পি নেতা নাৰা লোকেশ। তেওঁকো যোৱা ৯ ছেপ্টেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰত অভিযুক্তসকলৰ তালিকাত আছে প্ৰাক্তন মন্ত্ৰী তথা টি ডি পি বিধায়ক গন্ত শ্ৰী নিবাস ৰাও আৰু তেওঁৰ সন্তান ৰবিজেতা।
অৱশ্যে টি ডি পিয়ে অভিযোগ কৰিছে এয়া এক উদ্দশ্যেপ্ৰণোদিত অভিযোগ। অন্ধ্ৰপ্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ কংগ্ৰেছ প্ৰধান জগন্মোহন ৰেড্ডিৰ ৰাজনৈতিক প্ৰতিহিংসাৰ বাবেই তেওঁলোকক এইদৰে হাৰাশাস্তি কৰা হৈছে।
Also Read: আৰু কিমান দিন সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থাকিব লাগিত ৪১ জন শ্ৰমিক?