চৰম দুৰ্দশা ৰে'লৱে বিভাগৰ, এটাৰ পাছত আনটো দুৰ্ঘটনাই জোকাৰিছে সমগ্ৰ দেশ...

চৰম দুৰ্দশা ৰে'লৱে বিভাগৰ, এটাৰ পাছত আনটো দুৰ্ঘটনাই জোকাৰিছে সমগ্ৰ দেশ...

ডিজিটেল ডেস্ক : দেশৰ সবৰ্বৃহৎ ৰে'ল দুৰ্ঘটনা অৰ্থাৎ ওড়িশাৰ ৰে'ল দুৰ্ঘটনাৰ পাছত নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় ৰে'লৱে মন্ত্ৰী অশ্বিণী বৈষ্ণৱৰ পদত্যাগৰ দাবীত মুখৰিত হৈছিল বিৰোধী দলসমূহ । পূৰ্বৰ ৰে'ল দুৰ্ঘটনাসমূহৰ উদাহৰণ দি মন্ত্ৰীগৰাকীক পদত্যাগৰ দাবী জনোৱাৰ পাছতো নিজৰ স্থিতিত অটল আছিল ৰে'লৱে মন্ত্ৰীগৰাকী ।

কিন্তু ওড়িশাৰ ৰে'ল দুৰ্ঘটনাৰ পাছত দুৰ্ভাগ্যক্ৰমে দেশত বৃদ্ধি পাবলৈ ধৰিছে ৰে'ল দুৰ্ঘটনা । যাৰ সমান্তৰালকৈ ৰে'লৱে মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীও তীব্ৰতৰ হৈ উঠিছে । ইয়াৰ সৈতেই প্ৰশ্ন উঠিছে যে এই দুৰ্ঘটনাসমূহ কেৱল কাকতালীয় সংযোগ নে চূড়ান্ত অমনোযোগিতা সমগ্ৰ বিভাগটোৰ ।

উল্লেখ্য যে, যি সময়ত ওড়িশাৰ দুৰ্ঘটনাটোৰ পাছত খুবেই মনযোগী আৰু সাৱধান হ'ব লাগিছিল বিভাগটো সেই সময়তেই সোমবাৰে সন্ধিয়া আন এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগীয়া হয় দুই ৰে'লৱে কৰ্মচাৰীয়ে । ইয়াৰ ওপৰিও আন এজন কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতেই আন দুজন কৰ্মচাৰী সামান্যৰূপে আঘাতপ্ৰাপ্ত হয় ।

তথ্য অনুসৰি, মধ্য প্ৰদেশৰ ভোমা ৰে'ল ষ্টেচনৰ সমীপত নয়নপুৰৰ পৰা চেউনী অভিমুখে ৰাওনা হৈছিল ৰে'লৰ এটি ইঞ্জিন । আনহাতে, একে সময়তেই ৰে'ল পথ পৰীক্ষাৰ বাবে ব্যৱহাৰ হোৱা এখন ট্ৰ'লীত পাঁচজনকৈ লোকে ভোমাৰ পৰা চেউনীলৈ যাত্ৰা আৰম্ভ কৰিছিল ।

ভোমাৰ সমীপতেই থকা ৰে'লপথটো কিছু ঠাইলৈ আংশিকভাৱে অদৃশ্য হৈ পৰে এটা কেকুৰিৰ বাবে । অৰ্থাৎ সন্মুখৰ পৰা কোনোবা আহি থাকিলেও জনাৰ কোনো উপায় নাথাকে । সেই কেকুৰিটোতেই ট্ৰ'লী আৰু ইঞ্জিনটো মুখামুখি সংঘৰ্ষত লিপ্ত হোৱাৰ ফলত ট্ৰ'লীখনত থকা দুজনকৈ লোক থিতাতে মৃত্যুমুখত পৰে ।

আহত হোৱা আন তিনিগৰাকী ব্যক্তিয়ে জনোৱা অনুসৰি, শেষ মুহুৰ্তত তেওঁলোকে ট্ৰ'লীৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ।

এতিয়া প্ৰশ্ন হয়, যি স্বাধীনতাৰ পূৰ্বেই বৃটিছে ভাৰতবৰ্ষত এনে ট্ৰ'লীসমূহত থকা লোকসকলৰ হেড কোৱাৰ্টাৰৰ সৈতে প্ৰতিটো মুহুৰ্ততেই যোগাযোগ সম্ভৱ হৈ উঠাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ব্যৱস্থা আজি ক'ত ? পৰীক্ষণে হওক বা আন কোনো কাৰণতেই হওক ৰে'ল পথত যাত্ৰা কৰিলে দুয়ো দিশৰ হেড কোৱাৰ্টাৰে খবৰ পোৱাতো বাধ্যতামূলক নহয় নেকি ? যদিহে নহয় তেন্তে ই ভাৰতৰ দৰে উন্নয়ণশীল দেশ এখনৰ বাবে চৰম দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা আৰু যদিহে বাধ্যতামূল তেন্তে ইয়াৰ ব্যৱহাৰ নকৰিলে বিভাগীয় শাস্তি প্ৰদানো বাধ্যতামূলক হৈ উঠক । অৱহেলাৰ বঁটা মৃত্যু হৈ উঠাৰ প্ৰয়োজন নাই দেশত ।

চৰম দুৰ্দশা ৰে'লৱে বিভাগৰ, এটাৰ পাছত আনটো দুৰ্ঘটনাই জোকাৰিছে সমগ্ৰ দেশ...
ৰহস্যত বালাছোৰৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনা ! তদন্তৰ দায়িত্ব চি বি আইক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in