ৰহস্যত বালাছোৰৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনা ! তদন্তৰ দায়িত্ব চি বি আইক...

ৰহস্যত বালাছোৰৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনা ! তদন্তৰ দায়িত্ব চি বি আইক...

ডিজিটেল ডেস্কঃ কিদৰে সংঘটিত হৈছিল ওড়িশাৰ সেই ভয়াৱহ ৰে'ল দুৰ্ঘটনা?এতিয়াও সঠিককৈ কোনেও ক’ব পৰা নাই সেই বিষয়ে। অৱশ্যে তাৰ মাজতে প্ৰকাশ পাইছে, ৰে’লৱেৰ ইলেক্ট্ৰনিক ইণ্টাৰলকিং চিষ্টেমৰ খেলিমেলিৰ বাবেই সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত ৩ খনকৈ ৰে'লৰ সংঘৰ্ষ হৈছে। এখন মালবাহী ৰে'ল আৰু দুখন যাত্ৰীবাহী ৰে'ল। কিয় এই ৰে'ল দুৰ্ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত ভাৰতীয় ৰে'লৱেৰ শীৰ্ষ বিষয়াৰ উপৰিও ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

অশ্বিনী বৈষ্ণৱে জনাইছে যে, ইলেক্ট্ৰনিক ইণ্টাৰলকিং সলনি কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে, দুৰ্ঘটনাত পতিত হোৱা কৰমণ্ডল এক্সপ্ৰেছখনে লুপ লাইনত প্ৰৱেশ কৰি মালবাহী ৰে'লখনত খুন্দা মাৰিছিলগৈ।

কিন্তু এই লুপ লাইন মালবাহী ৰে'ল ৰখাবলৈহে ব্যৱহাৰ কৰা হয়। সাধাৰণতে এই লুপ লাইন ৭৫০ মিটাৰ দীঘল হয়। অৱশ্যে এতিয়া ১৫০০ মিটাৰ পৰ্যন্ত দীঘল লুপ লাইন নিৰ্মাণ কৰাৰ চিন্তা চৰ্চা কৰি আছে ৰে'ল মন্ত্ৰণালয়ে।

এই লুপ লাইন কাৰ্যতঃ মালবাহী ৰে'লৰ বাইপাছ। যেতিয়া কাষৰে যাত্ৰীবাহী ৰে'ল পাৰ হয় তেতিয়া লুপ লাইনত মালবাহী ৰে'ল ৰখাই থোৱা হয়। আনহাতে লুপ লাইনত ৰে'লৰ গতিবেগ হ'ব লাগে প্ৰতি ঘণ্টাত ১৫ ৰ পৰা ৩০ কিলোমিটাৰ পৰ্যন্ত।

কিন্তু কৰমণ্ডল এক্সপ্ৰেছৰ গতিবেগ আছিল ১২৮ কিলোমিটাৰ। ইয়াৰ উপৰিও বিশেষ সংকেট প্ৰদান কৰিব লাগে। কিন্তু ২ জুনৰ দিনা ইলেক্ট্ৰনিক ইণ্টাৰলকিং চিষ্টেম বিসংগতিৰ বাবে সেই সংকেট প্ৰদান কৰা নাছিল।

যাৰ বাবে ৰৈ থকা মালবাহী ৰে'লখনত খুন্দা মৰা কৰমণ্ডল এক্সপ্ৰেছৰ ঘণ্টাত ১২৮ কিলোমিটাৰ বেগৰ গতিবেগ মাত্ৰ ২৩ ছেকেণ্ডত শূন্য হৈ পৰে। ফলত ২৪ টা ডবাৰ ভিতৰত ২১ টাই বাগৰি পৰে।

এই ঘটনাৰ পাছতে এতিয়া ৰে'লমন্ত্ৰীয়ে কৈছে, ‘দুৰ্ঘটনাটোৰ বাবে দায়ী লোকসকলক চিনাক্ত কৰা হৈছে’। ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ বিচাৰি পোৱাৰ পাছত এতিয়া কিয় এইদৰে  ইলেক্ট্ৰনিক ইণ্টাৰলকিং চিষ্টেম বেয়া হ’ল সেই বিষয়ে তদন্ত কৰিবলৈ চি বি আইক তদন্ত দিয়া হৈছে।

ৰে'লখনক সেই ট্ৰেকৰে যাবলৈ সেউজ সংকেট দিয়া হৈছিল যদিও ইলেক্ট্ৰনিক ইণ্টাৰলকিং চিষ্টেম বেয়া হোৱাৰ বাবেই ট্ৰেক সলনি কৰা নাছিল কৰমণ্ডল এক্সপ্ৰেছখনে। সেয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ এতিয়া সমগ্ৰ বিষয়টো চি বি আইলৈ হস্তান্তৰ কৰা হৈছে। উল্লেখ্য যে এই ঘটনাত এতিয়ালৈকে ২৮৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০০ ৰো অধিক লোক আহত হৈছে।

ৰহস্যত বালাছোৰৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনা ! তদন্তৰ দায়িত্ব চি বি আইক...
গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন LIVE UPDATE: ষষ্ঠ পৰ্যায়ৰ গণনাৰ অন্তত আগবাঢ়ি আছে কোন কোন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in