সন্ত্ৰাসবাদীৰে সংঘৰ্ষঃ নিহত ২জন ভাৰতীয় সেনা, আহত বহুকেইজন...

প্ৰায়ে অশান্ত হৈ থাকে কেন্দ্ৰীয় শাসিত অঞ্চল জন্মু-কাশ্মীৰ । শুকুৰবাৰে পুনৰ জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত ভাৰতীয় সেনা জোৱানে আৰু সন্ত্ৰাসবাদীৰে সংঘৰ্ষত লিপ্ত হয়
সন্ত্ৰাসবাদীৰে সংঘৰ্ষঃ নিহত ২জন ভাৰতীয় সেনা, আহত বহুকেইজন...

ডিজিটেল ডেস্কঃ প্ৰায়ে অশান্ত হৈ থাকে কেন্দ্ৰীয় শাসিত অঞ্চল জন্মু-কাশ্মীৰ । শুকুৰবাৰে পুনৰ জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত ভাৰতীয় সেনা জোৱানে আৰু সন্ত্ৰাসবাদীৰে সংঘৰ্ষত লিপ্ত হয় ।

এই সংঘৰ্ষৰ ফলত হোৱা গুলীয়াগুলিত নিহত হৈছে দুজনকৈ ভাৰতীয় সেনা জোৱান । লগতে আহত হৈছে চাৰিজনকৈ সেনা ।

ৰাজৌৰী খণ্ডৰ কান্দি বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰে ভাৰতীয় সেনাই । এই তথ্য লাভ কৰি আজি পুৱাৰ ভাগত এক যুটীয়া অভিযান চলোৱা হয় অঞ্চলটোত ।

শেহতীয়াকৈ প্ৰকাশিত ভাৰতীয় সেনাৰ এক বিবৃতিত কোৱা হৈছে ভাৰতীয় অনুসন্ধানকাৰী দলে গুহাত সোমাই থকা সন্ত্ৰাসবাদীৰ এটা দলৰ সম্ভেদ লাভ কৰিছল ।

এই খবৰক ভিত্তি কৰি ভাৰতীয় সেনাই অঞ্চলটোত অভিযান আৰম্ভ কৰে । সন্ত্ৰীসবাদীৰ দলটোক উৎখাত কৰাৰ উদ্দেশ্যৰে পুৱা ৭ বাজি ৩০ মিনিটত অভিযানত নামি পৰে । সেনা জোৱানৰ বিবৃতিত উল্লেখ কৰা অনুসৰি অঞ্চলটো শিলাময় আৰু থিয় শিলৰে আবৰা ।

অভিযানৰ সময়ত সন্ত্ৰাসবাদী সকলেও বিস্ফোৰক সামগ্ৰী ব্যৱহাৰৰ কথা প্ৰকাশ কৰিছে ভাৰতীয় সেনাই । আহত এজন বিষয়াসহ সেনা কেইজন উধমপুৰৰ কমাণ্ড হস্পিটেললৈ স্থানান্তৰ কৰা হৈছে ।

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দল বৰ্তমানেও আৱদ্ধ হৈ আছে । সন্ত্ৰাসবাদীৰ আৰু সেনাৰ সৈতে পুনৰ হতাহত হোৱাৰ সম্ভাৱনা আছে ।

বৰ্তমানেও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অঞ্চলটোত ভাৰতীয় সেনাৰ অভিান অব্যাহত আছে ।উল্লেখ্য যে বিগত ৩ দিনত সংঘটিত হোৱা এইটো হৈছে তৃতীয়টো ঘটনা ।

সন্ত্ৰাসবাদীৰে সংঘৰ্ষঃ নিহত ২জন ভাৰতীয় সেনা, আহত বহুকেইজন...
মণিপুৰৰ অশান্তিৰ জুই বিয়পিছে মেঘালয়লৈ, গ্ৰেপ্তাৰ ১৬ জনক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in