মণিপুৰৰ অশান্তিৰ জুই বিয়পিছে মেঘালয়লৈ, গ্ৰেপ্তাৰ ১৬ জনক...

উত্তপ্ত হৈয়ে আছে চুবুৰীয়া ৰাজ্য মণিপুৰ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈ পৰিছে ৰাজ্যখনৰ চৰকাৰ তথা প্ৰশাসন বিভাগ । বৃহস্পতিবাৰে প্ৰতিবাদকাৰীক দেখিলেই গুলিয়াই দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যখনৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে
মণিপুৰৰ অশান্তিৰ জুই বিয়পিছে মেঘালয়লৈ, গ্ৰেপ্তাৰ ১৬ জনক...

ডিজিটেল ডেস্কঃ উত্তপ্ত হৈয়ে আছে চুবুৰীয়া ৰাজ্য মণিপুৰ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈ পৰিছে ৰাজ্যখনৰ চৰকাৰ তথা প্ৰশাসন বিভাগ । বৃহস্পতিবাৰে প্ৰতিবাদকাৰীক দেখিলেই গুলিয়াই দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যখনৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে ।

প্ৰতিবাদকাৰীক দেখিলেই গুলিয়াৰ দৰে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো কিন্তু ৰাজ্যখনৰ অস্থিৰতাই সাঙুৰি লৈছে কাষৰীয়া ৰাজ্যক ।

দুটা ফৈদৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত ৰাজ্য খনত সুস্থিৰ পৰিৱেশ বৰ্তমানেও ঘূৰি অহা নাই । এই লৈ সকলোৱে উদ্বিগ্ন হৈ থকাৰ সময়তে বৃহস্পতিবাৰৰ সন্ধিয়া দুটা গোষ্ঠীৰ মাজত মেঘালয়ৰ শ্বিলঙত সংঘটিত হয় গোষ্ঠী সংঘৰ্ষ । মেঘালয়ৰ ১৬ জনকৈ লোকক চিআৰ পিচিৰ ১০৭ ধাৰাৰ অধিনত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

পৰিস্থিতিত অধিক উত্তপ্ত হৈ পৰা লগে লগেই মণিপুৰত ভাৰতীয় সেনাৰ লগতে অসম ৰাইফলছকো নিয়োগ কৰা হৈছে ।

এতিমধ্যেই ৰাজ্যখমত জাৰি কৰা হৈছে ১৪৪ ধাৰা, কাৰ্ফিউকে ধরি সান্ধ্য আইন । কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা ।

ৰাজ্যখনৰ এনে অশান্তিকৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মণিপুৰ উচ্চ পদস্থ বিষয়াৰ সৈতে বিষয়টোক লৈ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’য় ।

উল্লেখ্য যে ৰাজ্যখনৰ মেইটেই জাতিয়ে তেওঁলোকক অনুসূচীত জনজাতি (এঠ টি) মৰ্যদা প্ৰদানৰ বিৰু্‌দ্ধে বুধবাৰে এক প্ৰতিবাদ সাব্যস্ত হৈছিল । এই প্ৰতিবাদৰ মাজতে দুটা ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘৰ্ষৰ ।

তেতিয়াৰে পৰা অস্থিৰ হৈ আছে মণিপুৰ । বিষয়টো সন্দৰ্ভত মনিপুৰ উচ্চ ন্যায়ালয়ে চৰকাৰক বিবেচনা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

মণিপুৰৰ অশান্তিৰ জুই বিয়পিছে মেঘালয়লৈ, গ্ৰেপ্তাৰ ১৬ জনক...
একেদিনাই চন্দ্ৰগ্ৰহণ আৰু বুদ্ধ পূৰ্ণিমা মহাসংযোগ, কোনটোত অধিক গুৰুত্ব দিব? জ্যোতিষ শাস্ত্ৰই কি কয়?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in